ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ সংবাদ মেল , জনজাতিকৰণ,গুৱাহাটীৰ পানী যোগান , নাঁও দুৰ্ঘটনাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

256

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ সংবাদ মেল , জনজাতিকৰণ,গুৱাহাটীৰ পানী যোগান , নাঁও দুৰ্ঘটনাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

দুৰ্নীতিৰ দৰ্পণ ,জমিৰউদ্দিন তালুকদাৰ, ১৪ ছেপ্টেম্বৰঃ কেবাটাও বিষয় লৈ আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে এখন সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদ মেলত সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য উত্তাল হৈ থকা সময়ত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই জনজাতিকৰণৰ বিষয়টো গৱেষণা পৰ্যায়ত থকা বুলি কালি গুৱাহাটীত এখন সভাত কৈছিল ৷ এই সম্পৰ্কে অপূৰ্ব ভট্টাচাৰ্যৰ প্ৰশ্ন–ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ নিমাত , নীৰৱ কিয় ? ২০১৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত অসমবাসীক দিয়া প্ৰতিশ্ৰুতি , ২০১৬ চনত অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত চৰকাৰ গঠন কৰিয়েই ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়া হ’ব বুলি পুণৰাই কৰা ঘোষণাৰ আজি কেন্দ্ৰত মোদী চৰকাৰৰ একেৰাহে সাত বছৰীয়া শাসন আৰু জনজাতীয় মূলৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাঁচ বছৰীয়া শাসনৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১২৩ দিনীয়া চৰকাৰৰ শাসন চলিছে ৷ অলপতে বিজেপি চৰকাৰৰ কেন্দ্ৰীয় জনজাতীয় বিভাগৰ মন্ত্ৰী আহি গ’ল ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জনালে, এতিয়া হেনো মোদী ডাঙৰীয়াৰ গৱেষণাগাৰত এই সন্দৰ্ভত গৱেষণাহে চলিছে ৷ এদিন এই জনজাতি কৰণৰ দাবীত দিল্লী-দিছপুৰ সৰ্বত্ৰে কিমান আন্দোলন হ’ল ৷ অন্ততঃ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আগবঢ়াই থোৱাৰ পৰাও দেখোন একোৱেই আগনাবাঢ়িলে বুলি কয় অপূৰ্ব ভট্টাচাৰ্যই ৷ অসমত শান্তি আহিছেনে ? অসম অশান্ত অঞ্চল আইন ১৯৫৫ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মৰ্মে অসম এতিয়া শান্ত ৷ অসমত এতিয়া কোনোধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নাই। তেনেহলে অশান্ত অঞ্চল আইনৰ ম্যাদ পুনৰাই বৃদ্ধি কৰা হ’ল কিয় বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীৰ ৷ দেশৰ লগতে অসমতো উপনিবেশিক শাসন বৰ্তাই ৰাখিবৰ কাৰণে এই পদক্ষেপ নেকি ? ইতিমধ্যে বাকৰুদ্ধ হৈ পৰা গণতান্ত্ৰিক ব্যৱস্থাৰো ভূমিকা নিশ্চিহ্ন কৰাৰ পথত নেকি বুলিও শংকা প্ৰকাশ কৰে ৷ মহানগৰবাসীক বিশুদ্ধ খোৱাপানী কেতিয়া ? গুৱাহাটী মহানগৰৰ প্ৰায় ২২ লাখ মানুহক জলজীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগানৰ ৬৩৬১ কোটি টকীয়া প্ৰকল্প “কমিচন”ৰ ভাগ বটৰাৰ অন্ত কেতিয়া পৰিব ? এই ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা হবনে ? একে কেইগৰাকী নেতাৰ নেতৃত্বতে চলিছে পিঠা ভগোৱা কাৰবাৰ। প্ৰধানমন্ত্ৰী মোডীয়ে মহানগৰবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবনে ? মহানগৰবাসীয়ে প্ৰকৃততে বিশুদ্ধ খোৱাপানী পাব কেতিয়া, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ ওলোৱা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰক বুলি প্ৰত্যাহ্বান জনায় অপূৰ্ব ভট্টাচাৰ্যই ৷ নাওঁ দুৰ্ঘটনা কাৰ ভুলৰ বাবে ? প্ৰকৃততে জল পৰিবহণ বিভাগটো কোনে চলায়, মাননীয় মন্ত্ৰীয়ে, বিভাগীয় আয়ুক্ত-সচিবে, সঞ্চালকে নে লেছী তথা ঠিকাদাৰে ? ২০১৮ চনৰ উত্তৰ গুৱাহাটীত হোৱা নাওঁ দুৰ্ঘটনাত শাস্তি প্ৰদান কৰা বিষয়াজনক পুনৰ নিমাতীঘাটৰ দৰে অতিশয় ব্যস্ত ঘাটত নিযুক্তি দিলে কিয় ? এয়াই বিজেপিৰ শাসনৰ স্বচ্ছতা তথা নিৰপেক্ষ নীতি নেকি ? বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ৰ ঠিকনা নিমাতীঘাট হৈছে নেকি ? মাজুলীবাসীৰ জীৱনৰ সৈতে হেতালি খেলা ৰৌ-বৰালিৰ ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি বেলেগ নেকি ? পুঠি-খলিহনা নহয়, প্ৰথমতে এনে অক্ষমণীয় অপৰাধৰ বাবে মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে পদত্যাগ কৰি আদৰ্শৰ চানেকি দিয়ক ? মুখ্যমন্ত্ৰী ডাঙৰীয়া দহকোটি টকীয়া ৰৌ ৰৌ জাহাজ বন্ধ ৰখাৰ কাৰণ কি ? তেল কিনিবলৈ পইচাৰ অভাৱ নে এখন ইঞ্জিনযুক্ত নাঁৱৰ মালিকৰ স্বাৰ্থ ৰক্ষা ? লাইফ জেকেটৰ যোগানৰ ক্ষেত্ৰতো কিবা খেলি মেলি আছিল নেকি ? বুলিও সংবাদমেলত প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷