ৰাজ্যৰ লগতে গোলাঘাটবাসীলৈ সকাহ , নতুন এছ অ পি জাৰী

173

ৰাজ্যৰ লগতে গোলাঘাটবাসীলৈ সকাহ , নতুন এছ অ পি জাৰী

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১৭ আগষ্টঃ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গোলাঘাটবাসীলৈ আহিল নতুন এছ অ পি ৷ কাইলৈ বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব বুলি উল্লেখিত উক্ত এছ অ পি অনুসৰি , সকলো কাৰ্য্যালয়,কৰ্মক্ষেত্ৰ,হোটেল,ৰেষ্টুৰেন্ট-ধাবা,ব্যৱসায়ীক প্ৰতিষ্ঠান , বিক্ৰি কেন্দ্ৰ, স্ব’ৰোম , গেলামাল , ফলমূল তথা পাচলিৰ দোকান আদিৰ খোলা ৰখাৰ সময়সীমা সন্ধিয়া ৫ বজাৰ পৰিৱৰ্তে ৬ বজালৈ সলনি কৰাৰ লগতে সান্ধ্য আইনৰ সময়ো সন্ধ্যা ৬ বজাৰ পৰিৱৰ্তে সন্ধ্যা ৭ বজালৈ সলনি কৰি পুৱা ৫ বজালৈ কৰা হয় ৷ সেইদৰে
আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাতো শিথিলতাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ৷ সেইমৰ্মে , ৰাজ্যৰ আন জিলাৰ লগতে গোলাঘাটৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ব্যক্তিগত যান-বাহনেৰে আন্তঃ জিলা যাতায়তৰ অনুমতি । অৱশ্যে গুৱাহাটী মহানগৰীক বাদ কৰি উক্ত অনুমতি ৷ ৰাজহুৱা পৰিবহন/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা ৷ মুকলি স্থানত আয়োজিত সভা-সমিতি,সামাজিক/ৰাজহুৱা অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২০০ গৰাকী লোকে আৰু প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব । অৱশ্যে দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিব পৰা যায় ৷ ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি প্ৰদান ৰাজ্য চৰকাৰৰ ৷ আনহাতে , বিবাহ,সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে । অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে ৷ ইফালে , ৰিজ’ৰ্ট , হোটেল , ধাবাসমূহ মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসনৰ গ্ৰাহকেৰে সন্ধিয়া ৬.০০ বজালৈকে খোলা ৰাখিব পাৰিব ৷ কিন্তু চিনেমা হ’ল বন্ধ থাকিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এমবিবিএছৰ চূড়ান্ত বৰ্ষ,বিএছচি নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ , ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ আৰু জিএনএমৰ তৃতীয় বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব পাৰিব । পাঠ গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিহে শ্ৰেণীকোঠালৈ অহাৰ দিহা কৰে চৰকাৰখনে ৷ এৰোনটিকেল ইঞ্জিনিয়াৰিং ইন্সটিটিউটত শ্ৰেণীকোঠাৰ পাঠদান পৰ্ব মুকলিৰ বাবে বিশেষ অনুমতি প্ৰদান ৷ তৰোপৰি ভাদ মাহ উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত নামকীৰ্তনৰ বাবে নামঘৰৰ ৫০ শতাংশ সমাবেশ ক্ষমতাৰ ভক্ত-মহিলাৰ সমাবেশত অনুমতি । অৱশ্যে ক’ভিড প্ৰট’কল মানিহে ভাদ মাহৰ নামকীৰ্তনত ভাগ ল’ব পাৰিব বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ ৷