ৰেঙনি চেনেলৰ নতুন ধাৰাবাহিক “মায়াবিনী”

132

ৰেঙনি চেনেলৰ নতুন ধাৰাবাহিক “মায়াবিনী”

কুলদ্বীপ বৰ্মন

এ.এম.টেলিভিছনৰ নিবেদিত এখন নতুন ধাৰাবাহিক মায়াবিনী। ৰাজেশ ভূঞাৰ পৰিকল্পনাৰে আৰু জনপ্ৰিয় পৰিচালক পৱন মহন্তৰ পৰিচালনাৰে অহা ৮ নৱেম্বৰ সোমবাৰৰ পৰা শনিবাৰলৈ মনোৰঞ্জন ধৰ্মী চেনেল ৰেঙনিত সন্ধিয়া ৬.৩০,৯.০০ বজাত সম্প্ৰচাৰ কৰা হব । আৰু নিশা ১১.০০ বজাত পুনৰ সম্প্ৰচাৰ কৰা হ’ব “মায়াবিনী ” ধাৰাবাহিক খনৰ । ধাৰাবাহিক খনৰ পৰা দৰ্শক ৰাইজে এক নতুনত্বৰ সোৱাদ পাব বুলি পৰিচালক পৱন মহন্তই জানিবলৈ দিয়ে । এজনী ১০-১২ বছৰীয়া ছোৱালী তাইৰ চকুৰ সন্মুখত জ্বলি আছে দুখন চিতা । চিতাৰ মাজত নিথৰ হৈ বহি আছে তাই । টোপ টোপকৈ নিগৰি আছে তাইৰ চকুলো,হঠাৎ মানুহ এগৰাকীয়ে তাইৰ কোলাত এটি কেঁচুৱা তুলি দিলে । বহু সময় ধৰি তাই কেঁচুৱাটোৰ পিনে থৰ হৈ চাই থাকে । তাই এটা দীঘল হুমুনিয়াহ কাঢ়ি সন্মুখৰ চিতা লৈ চাই তাইৰ চকুত এতিয়া প্ৰতিশোধৰ জুইৰ বাহিৰে একো নাই । তাইয়ে হ’ল ধাৰাবাহিক খনৰ নায়িকা নাম তাইৰ মায়া । মাক-দেউতাকৰ হত্যাকাৰীৰ প্ৰতিশোধ লব পাৰিবনে মায়াই ? পিতৃ-মাতৃ অবিহনে তাই কনমানি ভায়েকৰ দায়িত্ব ল’ব পাৰিব নে ? সাধাৰণ ছোৱালী মায়াৰ এক অসাধাৰণ প্ৰেমৰ এক সুন্দৰ কাহিনীৰে পৰিয়ালৰ সকলোৰে উপভোগ্য কৰি “মায়াবিনী “ধাৰাবাহিক খনৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপেৰে সজাইছে বিদ্যুৎ জ্যোতি শইকীয়া (বিকি)য়ে । ধাৰাবাহিক খনত অভিনয় কৰিছে সত্যেন শৰ্মা , মিহিৰ জ্যোতি বৰুৱা , হীৰা নেওগ , গায়ত্ৰী বৰা , ৰুহি আমিন বড়া , কাকলি সন্দিকৈ , আধিস কুমাৰ , গায়ত্ৰী শৰ্মা , নৱদ্বীপ দত্ত , ভায়োলিনা বৰদলৈ , সীমান্ত মালাকৰ , বিমল শৰ্মা , মমী গগৈ , অন্বেষা প্ৰিয়দৰ্শিনী , জুলি ফুকন ভূঞা , অনুষ্কা তালুকদাৰ , শিশু শিল্পী আদ্ৰিতি দাস আৰু বহুকেইগৰাকী অভিনেতা আৰু অভিনেত্ৰী । ধাৰাবাহিক খনৰ সহ পৰিচালনা কৰিছে বিজিত কুমাৰ দাসে । চিত্ৰগ্ৰহণ গজেন । চিত্ৰগ্ৰহণ সহকাৰী চুনু বড়ো । পোহৰ চাদেক আলী , গিৰীন্দ্ৰ কাকতি । দৃশ্যসজ্বা ধনজিৎ বৰ্মন আৰু ৰূপ সজ্বা কৰিছে শ্যামল দত্ত । জনপ্ৰিয় পৰিচালক পৱন মহন্তই পৰিচালনা কৰা ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক চান্দমাৰীৰ চান্দনী , বেগম জান , স্বাভিমানক যিদৰেই দৰ্শক ৰাইজে আদৰি লৈছে , তেনেদৰেই “মায়াবিনী ”ধাৰাবাহিক খন লৈও যথেষ্ট আশাবাদী জনপ্ৰিয় পৰিচালক পৱন মহন্ত । “মায়াবিনী ‘ধাৰাবাহিক খনৰ পৰিয়ালবৰ্গলৈ আমি জনালোঁ আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা ।