সংবাদকৰ্মীৰ বিৰুদ্ধে অপ-প্ৰচাৰ চলোৱা স্বয়ম্ভূ সাংবাদিকসহ কেইবাজনৰ বিৰুদ্ধে মোৰাঝাৰ থানাত গোচৰ ৰুজু

393

সংবাদকৰ্মীৰ বিৰুদ্ধে অপ-প্ৰচাৰ চলোৱা স্বয়ম্ভূ সাংবাদিকসহ কেইবাজনৰ বিৰুদ্ধে মোৰাঝাৰ থানাত গোচৰ ৰুজু

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ , ২২ আগষ্টঃ হোজাই জিলাত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে সাংবাদিক নিৰ্যাতনৰ ঘটনা। বিগত দিনবোৰত জিলাখনৰ কেবাগৰাকীও সাংবাদিকে দুষ্ট চক্ৰৰ ষড়যন্ত্ৰত অসামাজিক চক্ৰৰ হাতত নিজৰ আত্মবলিদান দিছিল। জিলাখনৰ বহু সাংবাদিকে নিৰ্ভীক নিৰপেক্ষতাৰ বাতৰি প্ৰচাৰ কৰাত অপৰাধত জনিত কাৰ্যৰ লগত জড়িত থকা একাংশ অসামাজিক চক্ৰৰ এক প্ৰকাৰে নিদ্ৰা হৰণ হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত একাংশ যুৱকে যধে মধে ভুৱা ফেচবুক পেইজ খুলি নিজকে সাংবাদিক বুলি ভুৱা পৰিচয় দি পঞ্জীয়ন ভূক্ত কাকত থকা সংবাদ মাধ্যমৰ সাংবাদিকৰ বিৰুদ্ধে মিছা আৰু তথ্যবিহীন অপ-প্ৰচাৰ চলোৱা প্ৰায়ে পৰিলক্ষিত হৈ আহিছে। দুষ্ট চক্ৰৰ এনে অপ-প্ৰচাৰৰ ফলত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদকৰ্মী সকলৰ মান-সন্মান বিনষ্ট হোৱাৰ লগতে এক প্ৰকাৰে নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় সাংবাদিক সকল। যোৱা ২০ আগষ্ট তাৰিখে হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অধীনস্থ উত্তৰ চাৱাজপুৰ প্ৰাথমিক বিদ্যালয়স্থিত ভেকচিন কেন্দ্ৰত প্ৰতিষেধক ল’বলৈ যোৱা কেবাজন লোকে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক বাতৰি কাকতৰ মোৰাঝাৰৰ স্থানীয় সংবাদকৰ্মী হাচনুল ইছলামক ফোন কৰি উক্ত কেন্দ্ৰটোত ভেকচিন বিতৰণত কেন্দ্ৰ কৰি উত্তেজনা চলি আছে বুলি অৱগত কৰে। স্থানীয় ৰাইজৰ খৱৰৰ ভিত্তিত সংবাদ কৰ্মী জনে বাতৰি সংগ্ৰহ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱাত একাংশ উদণ্ড যুৱকে সাংবাদিক জনক বাতৰি সংগ্ৰহত বাধা দিয়াৰ লগতে সাংবাদিক জনক ৰাজহুৱাকৈ অশ্লীল ভাষাৰে গালি গালাজ কৰি বাতৰি সংগ্ৰহ নকৰিবলৈ ভাবুকি প্ৰদান কৰে। লগতে এজন যুৱকে নিজকে সাংবাদিক বুলি পৰিচয় দি ম’বাইলেৰে যধে-মধে ভিডিঅ’ ৰেকৰ্ডিং আৰম্ভ কৰে। যুৱক কেইজনৰ এনে কাণ্ড দেখি স্থানীয় একাংশ লোকে আৰক্ষীক খৱৰ দিয়াত পৰিস্থিতি নিয়ন্ত্ৰণৰ লক্ষ্যৰে মোৰাঝাৰ আৰক্ষী ঘটনা স্থালীত উপস্থিত হয়৷ পিছদিনা অৰ্থাৎ ২১ আগষ্ট তাৰিখে ৰাজ্যৰ আগশাৰীৰ কেবাখনো দৈনিক বাতৰি কাকতত উক্ত ঘটনাৰ বাতৰি প্ৰকাশ পায়। কিন্তু সাংবাদিক গৰাকীয়ে বাতৰি সংগ্ৰহ কৰা সময়ত বাধা প্ৰদান কৰা মেহবুব নামৰ স্বয়ম্ভূ সাংবাদিকজনে যধে-মধে ৰেকৰ্ডিং কৰা ভিডিঅ’ আৰু সাংবাদিক জনৰ ফটো ইডিটিং কৰি MF TV নামৰ এটা ফেচবুক পেইজৰ জৰিয়তে গুৱাহাটীৰ পৰা প্ৰকাশিত পঞ্জীয়ন ভুক্ত অসমীয়া দৈনিক বাতৰি কাকতৰ মোৰাঝাৰৰ সংবাদকৰ্মী হাচনুল ইছলামক ভুৱা সাংবাদিক বুলি অপ-প্ৰচাৰ চলাই সমাজত সংবাদকৰ্মীজনৰ মান সন্মান বিনষ্ট কৰে। অপ-প্ৰচাৰ চলোৱা ফেচবুক পেইজত আপডেট কৰা ভিডিঅটোত ৰাজিদ আলী আৰু নেৱাজ উদ্দিন নামৰ আন দুজন যুৱকে সংবাদকৰ্মী জনৰ বিৰুদ্ধে তথ্যবিহীন মন্তব্য কৰি সংবাদ কৰ্মী জনক সমাজত হেয়-প্ৰতিপন্ন কৰাৰ লগতে মান মৰ্য্যদা বিনষ্ট কৰে। ইতিমধ্যে সংবাদকৰ্মী জনে ঘটনা সংক্ৰান্তত ন্যায় বিচাৰি মোৰাঝাৰ আৰক্ষী থানাত স্বয়ম্ভূ সাংবাদিক মেহবুবসহ অপ-প্ৰচাৰ চলোৱা ফেচবুক পেইজটোৰ স্বত্বাধিকাৰী আমিৰ হোছেইনৰ লগতে আন দুই অভিযুক্ত ক্ৰমে ৰাজিদ আলী আৰু নেৱাজ উদ্দিনৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদকৰ্মী সকলৰ বিৰুদ্ধে এনে তথ্যবিহীন অপ-প্ৰচাৰ চলোৱা দুষ্ট চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে ঘটনাৰ তদন্তৰ জৰিয়তে তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে হোজাই জিলাৰ বিভিন্ন দ’ল সংগঠনৰ লগতে জিলাখনৰ সাংবাদিক আৰু ৰাইজে। এগৰাকী সাংবাদিকৰ বিৰুদ্ধে সামাজিক মাধ্যমত ভূৱা আৰু তথ্যবিহীন অপ-প্ৰচাৰ চলোৱা ঘটনা সন্দৰ্ভত সাংবাদিক গৰাকীয়ে মোৰাঝাৰ থানাত দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ অপেক্ষাত এতিয়া অঞ্চলটোৰ সচেতন মহল।