ক’ৰণা মহামাৰীৰ বাৱে অনুষ্ঠিত নহয় ২৬৬ সংখ্যক বোকাখেচা ভাওঁনা , পৰম্পৰা ৰক্ষা কৰি ভাওঁনাৰ  নাট সামৰিব পাতলৰচুকবাসীয়ে 

127
ক’ৰণা মহামাৰীৰ বাৱে অনুষ্ঠিত নহয় ২৬৬ সংখ্যক বোকাখেচা ভাওঁনা , পৰম্পৰা ৰক্ষা কৰি ভাওঁনাৰ  নাট সামৰিব পাতলৰচুকবাসীয়ে
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২১ আগষ্টঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাৱঁত এইবেলি অনুষ্ঠিত নহয় শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু নন্দোৎসৱ তথা বোকাখেচা ভাওঁনা ৷ ২৬৬ বছৰ গৰকা এই শ্ৰী কৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা  ভাওঁনা অনুষ্ঠিত কৰিব নোৱাৰা সন্ধৰ্ভত আজি পাতলৰচুক গাৱঁৰ মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ শাখাৰ সভাপতি তুলসী ভূঞাঁ আৰু সম্পাদক নিৰেণ কটকীয়ে সাংৱাদিকৰ আগত কয়-প্ৰতি বছৰেই আমি এই ভাওঁনা গাওঁবাসীয়ে অনুষ্ঠিত কৰি আহিছিলো যদিও যোৱা বছৰৰ দৰে এইবেলিও ভাওঁনাখন অনুষ্ঠিত কৰিব নোৱাৰি আমি দুখত ভাগি পৰিছো ৷ আমাৰ পূৰ্ব্বপুৰুষে পৰম্পৰাগতভাৱে এই ভাওঁনা অনুষ্ঠিত কৰি আহিছিল যদিও ক’ৰণা মহামাৰীৰ বাৱে আমি এই ভাওঁনা অনুষ্ঠিত কৰাৰ পৰা গাওঁবাসী  আতৰি থাকিব লগা হ’ল ৷ সভাপতি সম্পাদক দ্বয়ে কয়-যদিও ভাওঁনা ভাগ অনুষ্ঠিত কৰা নহয় তথাপি নীতি নিয়ম অনুসৰি দুটিমান কাৰ্য্যসুচী পৰম্পৰা ৰক্ষাৰ্থে  অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত লৈছো ৷ সেই অনুসৰি ভাওঁনাৰ দিনটোত তথা ৩০ আগষ্টৰ পূৱা উষা কীৰ্ত্তন, দূপৰীয়া নাম প্ৰসঁঙ্গ, ভাগৱত পাঠৰ লগতে সন্ধ্যা বন্তি প্ৰজ্বলনৰ উপৰি  গোপাল আতাৰ দ্বাৰা ৰচিত শ্ৰীকৃষ্ণ জন্মাষ্টমী নাট ভাগ গীত পৰিবেশনৰে সামৰণি মৰা হব ৷ এই উদ্দেশ্যৰে ২৮/২৯ আগষ্টত গাওঁবাসী ৰাইজে ৰাজহুৱা শ্ৰমদান কৰিব বুলিও মন্তৱ্য কৰে সভাপতি সম্পাদকদ্বয়ে ৷ পাতলৰচুক গাওঁ উন্নয়ন সমিতিৰ সম্পাদক চন্দন ভূঞাঁই কয়- নামঘৰ নগৰী জামুগুৰিহাটৰ আটাইতকৈ পুৰণি ভাওঁনা হিচাপে চিহ্নিত হৈ আহিছে এই বোকাখেচা ভাওঁনা ৷ এই ভাওঁনাৰ দিনা পূৱাৰে পৰা শ ,শ ভক্তপ্ৰাণ ৰাইজৰ পাতলৰচুক গাওঁলৈ সোঁত বয় ৷ বৈকুণ্ঠ নগৰী হৈ পৰে পাতলৰচুক গাওঁ ৷ জামুগুৰিহাটৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তপ্ৰাণ ৰাইজ এই নামঘৰত উপস্থিত হৈ শৰাই-শলিতা আগবঢ়াই মনোবাঞ্চাঁ পূৰণৰ বাৱে ভগৱানৰ ওচৰত আঠু লয় ৷ এই ভাওঁনাকলৈ বহু প্ৰবাদ জৰিতহৈ আছে ৷ ভাওঁনা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গাওঁবাসী ৰাইজৰ উৎসাহৰ সীমা নোহোৱা হয় ৷ ভাওনাৰ দিনা গাওঁবাসী ৰাইজ লঘোণে থকাৰ লগতে বিভিন্ন নীতি-নিয়ম মানি চলে  বুলিও মন্তৱ্য কৰে চন্দন ভূঞাঁই ৷ ক’ৰণা মহামাৰীৰ বাৱে এই ভাওঁনা অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে যদিও দিন-কাল ভাল হ’লে অধিক উৎসাহেৰে বিস্তৃত কাৰ্য্যসুচীৰে আগন্তুুক সময়ত ভাওঁনাভাগ  উদযাপন কৰা হব বুলি মন্তৱ্য কৰে পাতলৰচুক গাওঁ উন্নয়ন সমিতিৰ সভাপতি তথা গাওঁখনৰ বয়োজেষ্ঠ দূৰ্গেশ্বৰ বৰুৱাই  ৷