চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তত কেইবাখনো উন্নয়নমূলক আচঁনিৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰাম্ভ

102
চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তত কেইবাখনো উন্নয়নমূলক আচঁনিৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰাম্ভ
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২১ আগষ্টঃ চতিয়া সমষ্টিৰ অন্তৰ্গত মূঢ়াদল মৌজাৰ উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তত কেইবাখনো উন্নয়মূলক আচঁনিৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰাম্ভ কৰে উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ সভাপতি দীপক নেৱাৰে ৷ কেইবাটাও পথৰ নিৰ্মাণ কাৰ্য্যৰ লগতে বাপুজী মধ্য ইংৰাজী বিদ্যালয়ৰ চৰকাৰী ভূমি উন্নয়নৰ উপৰি খ্ৰীষ্টান বস্তিৰ এটি কালভাৰ্টৰ ভূমি উন্নয়নৰো  আধাৰ শিলা স্থাপন কৰা হয় ৷ প্ৰায় ৩৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কাৰ্য্য আৰম্ভ হব লগা আচঁনি সমুহৰ আধাৰ শিলা কৰি সভাপতি দীপক নেৱাৰে  কয়-চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আমাৰ পঞ্চায়তত ইতিমধ্যে ৮০ শতাংশ উন্নয়নমূলক কাম সম্পূৰ্ন কৰা হৈছে ৷ দুখীয়া দৰিদ্ৰ ৰাইজৰ বাৱে আগবঢ়োৱা সকলো চৰকাৰী আচঁনি সফলভাৱে ৰূপায়ন কৰা হৈছে ৷ এই ক্ষেত্ৰত পঞ্চায়তটোৰ সকলো শ্ৰেণী ৰাইজে আমাক সহযোগীতা আগবঢ়াইছে ৷ পুৱাৰে পৰা আৰম্ভ হোৱা উন্নয়নমূলক আচঁনি সমুহৰ নিৰ্মাণ কাৰ্য্যৰ শুভ উদ্ধোধনী কাৰ্য্যসুচীত বিজেপি দলৰ জেষ্ঠ নেতা প্ৰবীন দাস প্ৰমুক্ষে কৰি আঞ্চলিক সদস্য , প্ৰতিটো ওৱাৰ্ডৰ সদস্যসকলে অংশ গ্ৰহণ কৰে ।