চোনিয়া মুক্তিয়াৰলৈ ‘প্ৰজ্ঞাকস্তুৰী বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ বঁটা’ -২০২১

100

চোনিয়া মুক্তিয়াৰলৈ ‘প্ৰজ্ঞাকস্তুৰী বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ বঁটা’ -২০২১

দুৰ্নীতিৰ দৰ্পণ সেৱা , পংকজ কুমাৰ দাস , পশ্চিম যোৰহাট , ৫ অক্টোবৰ : যোৰহাটস্থিত অসম সাহিত্য সভাৰ ৰাধাকান্ত সন্দিকৈ ভৱনত “প্ৰজ্ঞাকস্তুৰী”ৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত কলিয়াবৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান’বিমলা একাডেমীৰ শিক্ষয়িত্ৰী তথা গ্ৰন্থাগাৰিক,সু-গল্পকাৰ চোনিয়া মুক্তিয়াৰক প্ৰজ্ঞাকস্তুৰী প্ৰকাশনৰ তৰফৰ পৰা ‘প্ৰজ্ঞাকস্তুৰী বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ বঁটা ‘২০২১ ৰে সন্মানিত কৰা হয় । বিশিষ্ট লেখক মুকুট শৰ্মাই সভাপতিত্ব কৰা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা শংকৰী সাহিত্যৰ গবেষক ইছমাইল হুছেইন,ফুটুকা ফুলৰ কবি প্ৰাঞ্জল প্ৰতিম বৰা আৰু বিজ্ঞানী ডঃ প্ৰণৱ জ্যোতি চেতিয়া । অনুষ্ঠানটিত লেখিকা তথা মনস্তত্ববিদ কুইন বৰাক ২০২১ বৰ্ষৰ প্ৰজ্ঞাকস্তুৰী বঁটা,শিশু সাহিত্যিক তথা বিশিষ্ট লেখিকা মৃণালিনী গোস্বামীক শিশু সাহিত্যিক বঁটা , কবি তথা শিক্ষয়িত্ৰী মামণি কলিতাক ‘বৰ্ষশ্ৰেষ্ঠ কবি বঁটা,লেখিকা নিবেদিতা শৰ্মা,মামুন ফুকন,ববিতা শইকীয়াক ‘প্ৰজ্ঞাকস্তুৰী সাহিত্য বঁটা,কবি গৌতম গগৈ,ৰূপালী মহন্ত,বৰ্ণালী পাটগিৰি, মৌচুমী গোহাঁইক “প্ৰজ্ঞাকস্তুৰী প্ৰেৰণা বঁটা ,কবি তথা শিক্ষক বিশ্বনাথ জিলাৰ প্ৰেম বৈষ্ণৱ, তীৰ্থ পিণ্টু বৰা, লেখিকা ৰূপাঞ্জলী হাজৰিকা,হীৰামণি দাস, বীণা দেৱী,লুকুমণি বৰুৱা,বৰষা দত্ত , মিণ্টু দাস, জয়ন্ত বৰা, ইন্দ্ৰজিৎ কাকতি, প্ৰাঞ্জল গোহাঁই, উজ্জ্বল বৰা আৰু প্ৰস্তুতি শৰ্মাক ‘প্ৰজ্ঞাকস্তুৰী সাহিত্য সন্মানৰে সন্মানিত কৰা হয় । সাংবাদিক তথা “দিগদৰ্শন”আলোচনীৰ সম্পাদক পংকজ কুমাৰ দাসকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰা অনুষ্ঠানত ন-পুৰণি কবি-লেখকৰ দহখনতকৈ অধিক গ্ৰন্থ উন্মোচন কৰা হয়।