নগৰবেৰাৰ বদলা বজাৰ উপ স্বাস্থ্য কেন্দ্ৰত কভিড ভেকচিন বিচাৰি ৰাইজৰ হাহাকাৰ,ভেকচিন লোৱাৰ বাবে ৰাইজৰ অভিনৱ পদক্ষেপ

300

নগৰবেৰাৰ বদলা বজাৰ উপ স্বাস্থ্য কেন্দ্ৰত কভিড ভেকচিন বিচাৰি ৰাইজৰ হাহাকাৰ,ভেকচিন লোৱাৰ বাবে ৰাইজৰ অভিনৱ পদক্ষেপ

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা , ১৩ ছেপ্তেম্বৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাৰ সৰ্বসাধাৰণ ৰাইজে এটা কভিড ভেকচিন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাজ্য চৰকাৰে ১৮ বছৰৰ উৰ্ধৰ প্ৰতিজন লোকক কভিড ভেকচিন প্ৰদান কৰাৰ বাবে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে জিলা খনৰ টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ইয়াৰ অন্তগৰ্ত উপ স্বাস্থ্য কেন্দ্ৰ সমুহত বৃহৎ সংখ্যক লোকে কভিড ভেকচিন লবলৈ আহি এক অভিনৱ পন্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। অঞ্চলটোৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰত দৈনিক যোগান ধৰা ভেকচিনৰ বিপৰীতে ভেকচিন লবলৈ অহা লোকৰ সংখ্যা যথেষ্ট বেছি। দৈনিক উপ স্বাস্থ্য কেন্দ্ৰ সমুহত একশ ৰ পৰা ডেৰশ কভিড ভেকচিনৰ বিপৰীতে এক ডেৰ হাজাৰ লোকৰ সমাগম ঘটে। ভেকচিন লবলৈ অহা পুৰুষ মহিলা সকলে ৰাতিপুৱা ৪ বজাৰ পৰাই উপ স্বাস্থ্য কেন্দ্ৰ সমুহৰ ভেকচিন প্ৰদান কৰা কক্ষৰ সন্মুখত কুপন সংগ্ৰহ কৰিবলৈ শাৰী শাৰীকৈ নিজৰ নিজৰ ভৰিৰ ছেণ্ডেল ৰাখি থৈ নিজৰ কামত ব্যস্ত হৈ পৰে আৰু ৯ বজাৰ লগে লগে নিজৰ নিজৰ ছেণ্ডেল ৰখা ঠাইত থিয় হয়হি ভেকচিন লবলৈ অহা লোকসকলে। এনেধৰে কেইবাদিনো ঘুৰি কভিড ভেকচিন লবলৈ সক্ষম হোৱা নাই একাংশই বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে উৎকট গৰমত দীৰ্ঘ সময় শাৰী পাতি থকাটোও অসহ্যকৰ অনুভৱ কৰি ভেকচিন লবলৈ অহা লোক সকলে অৱলম্বন কৰিছে অভিনৱ পন্থা। ইপিনে প্ৰখৰ ৰদত গৰ্ভৱতী আৰু প্ৰসূতি মহিলা সকল দিনটো থিয় হৈ থাকি কভিড ভেকচিন লবলগীয়া হোৱাৰ পাছতো স্বাস্থ্য বিভাগে কোনো সুবিধা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে ।