নগৰবেৰাৰ বদলা ৰঙাপানী বজাৰত বন বিভাগৰ অভিযান, জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

107

নগৰবেৰাৰ বদলা ৰঙাপানী বজাৰত বন বিভাগৰ অভিযান, জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

দুৰ্নীতিৰ দৰ্পণ সেৱা,নগৰবেৰা,১৬ নবেম্বৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত পশ্চিম কামৰূপ নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ নগৰবেৰাৰ বদলা ৰাঙ্গাপানী বজাৰত আজি অবৈধ চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগে এক অতৰ্কিত অভিযান চলাই আৰু অভিযানত বুজন পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে , নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া মৃণাল অধ্যাপকৰ নেতৃত্বত চলে এই অভিযান । অভিযানত বদলা ৰাঙ্গাপানী বজাৰৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰা বুলি বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে । জব্দকৃত চোৰাং কাঠখিনি টেক্টৰেৰে নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় বুলি জানিব পৰা গৈছে । স্মৰ্ত্তব্য যে , নগৰবেৰাৰ বদলা ৰাঙ্গাপানী অঞ্চলত দীৰ্ঘদিনৰে পৰা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে । আজি বন বিভাগৰ এনে আকস্মিক তৎপৰতাৰ শলাগ লয় স্থানীয় ৰাইজে ।