নগৰবেৰাৰ মালিবাৰী,লাউডোবাত উলহ মালহৰে দুৰ্গোৎসৱৰ আয়োজন

55

নগৰবেৰাৰ মালিবাৰী,লাউডোবাত উলহ মালহৰে দুৰ্গোৎসৱৰ আয়োজন

দুৰ্নীতিৰ দৰ্পণ সেৱা , নগৰবেৰা , ১২ অক্টোবৰ: আজি মহা সপ্তামী৷পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ তথা ধাক ঢোলৰ শব্দৰে মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী গোৱালপাৰা জিলাৰ লাউডোবাতো আয়োজন কৰা হৈছে দুৰ্গোৎসৱৰ ৷ জানিব পৰা মতে , সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি লাউডোবা আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে এইবেলি উদযাপন কৰিছে ৪৩ সংখ্যক দুৰ্গাপূজা ৷ বিগত বৰ্ষবোৰৰ তুলনাত এইবেলি সীমিত সংখ্যক কাৰ্যসূচীৰে আয়োজন কৰিছে পূজাভাগ ৷ ক’ভিড বিধি মানি পূজাথলীত ভক্তপ্ৰাণ ৰাইজৰ বাবে সুকীয়াকৈ প্ৰবেশ প্ৰস্থানৰ ব্যৱস্থা গ্ৰহণ কৰিছে পুজা সমিতিয়ে ৷ লগতে মাস্ক নকথা ব্যক্তিক পূজাথলীত মাস্কৰ যোগান ধৰাৰো ব্যৱস্থা কৰিছে পূজা সমিতিয়ে ৷ লগতে পূজা সমিতিৰ তৰফৰ পৰা দুয়োপালি ভেকচিন গ্ৰহণ কৰা লোককহে পূজাথলীলৈ আহিবলৈ আহ্বান জনাইছে ৷