পূৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী মনিকৰ্ণেশ্বৰ দেৱালয়ত বিশ্ব হিন্দু পৰিষদৰ ৰুদ্ৰাভিষেক হোম যজ্ঞ সম্পন্ন

104

পূৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী মনিকৰ্ণেশ্বৰ দেৱালয়ত বিশ্ব হিন্দু পৰিষদৰ ৰুদ্ৰাভিষেক হোম যজ্ঞ সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা,পঙ্কজ নাথ,চাংসাৰি,১৭ আগষ্ট : তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ পূণ্যধাম শ্ৰী শ্ৰী মনিকৰ্ণেশ্বৰ দেৱালয় । এই দেৱালয়তে ১৬ আগষ্ট তথা শাওন মাহৰ শেষৰটো সোমবাৰ উপলক্ষে শ্ৰী শ্ৰী মনিকৰ্ণেশ্বৰ দেৱালয়ত সকলো ৰাইজৰ মঙ্গল কামনা কৰি আৰু বিশ্বক ক’ৰণামুক্ত কৰাৰ বাবে প্ৰাৰ্থনা জনাই বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা আয়োজিত মহা ৰুদ্ৰাভিষেক আৰু হোম যজ্ঞ কৰা সম্পন্ন কৰা হয় । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ কৰা এই বিশেষ পূজা ভাগত সদৌ অসম মঠ-মন্দিৰ সংঘৰ নিজৰা চমুৱা , বিশ্ব হিন্দু পৰিষদ উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ সভাপতি কুলেন বড়ো,সম্পাদক অজয় দাস,উপ সভাপতি দূৰ্গাৰাম দাস,জ্যোতি প্ৰসাদ তামুলী,ড০ ঈশাংকুৰ শইকীয়া,টুটুমনি দাস , মনিকৰ্ণেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া প্ৰমুখ্যে ধৰ্মপ্ৰাণ ব্যক্তিসকলে অংশগ্ৰহণ কৰে । মনিকৰ্ণেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ সহযোগত আধ্যাত্মিক পৰিবেশত বৈদিক প্ৰথাৰে ৰুদ্ৰাভিষেক আৰু হোম যজ্ঞ সম্পূৰ্ণ কভিড প্ৰটকল অনুযায়ী সম্পন্ন কৰা হয় । ইয়াৰ পূৰ্বে দিনৰ ভাগত আয়তীসকলৰ বিশ্ব নাম-প্ৰসঙ্গৰে দেৱালয় প্ৰাংগন মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশ বিৰাজমান হোৱা পৰিলক্ষিত হৈছিল বুলি বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়ে ।