বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ, উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ উদ্যোগত মঠ-মন্দিৰত নিত্য ব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ

6812

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি , ১ আগষ্ট : কভিড সৃষ্ট পৰিবেশত অধিক সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনে লকডাউনকে ধৰি বিভিন্ন পন্থা অৱলম্বন কৰিছে । ইয়াৰ সুফল পাবলৈ হলে জনসাধাৰণ সচেতন হবই লাগিব ৷ অন্যথা চৰকাৰী ব্যৱস্থাসমূহ হৈ পৰিব অৰ্থহীন ৷ এপ্ৰিল মাহৰ মাজভাগত কভিডৰ দ্বিতীয় ঢৌৰ বাবে অসমৰ আন সকলো ধৰ্মানুষ্ঠানৰ লগতে মঠ-মন্দিৰ সমূহো ভক্তৰ বাবে বন্ধ কৰি দিয়া হ’ল । বৰ্তমানলৈকে সেই নিৰ্দেশনা বাহাল থকাত ভক্তৰ দান বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা লোকসকলৰ এই  উপাসনাস্থলী সমূহত এক অচলাৱস্থাৰ সৃষ্টি হৈছে ৷  কিন্তু মঠ-মন্দিৰ দেৱালয় সমূহৰ পৰিচালনাৰ দায়িত্বত থকা নিষ্ঠাবান লোকসকলে কোনো পৰিস্থিতিতে যাতে নিত্য পূজা ব্যহত কৰিব লগা নহয় , তাৰ ব্যৱস্থা কৰিছে ৷ অসমৰ সৰহ সংখ্যক মঠ-মন্দিৰেই ৰাইজৰ দান বৰঙণিৰ ওপৰত নিৰ্ভৰশীল । সুদীৰ্ঘ দিন ভক্তৰ পৰা বিচ্ছিন্ন হৈ থকাৰ ফলত মঠ-মন্দিৰ সমূহ বৰ্তমান আৰ্থিক অনাটনত ভূগিছে । নিয়মিত ভোগ উচৰ্গা চাকি বন্তি জ্বলাবলৈ তেল , আন পূজা সামগ্ৰী যোগাৰ কৰাত অসুবিধাৰ সন্মুখীন হৈছে পৰিচালনা সমিতিসমূহ । এনে পৰিপ্ৰেক্ষিততে বিশ্ব হিন্দু পৰিষদৰৰ উদ্যোগত সমগ্ৰ অসমত বিগত সময়ছোৱাত মঠ-মন্দিৰ চেনিটাইজ , মঠ-মন্দিৰ নামঘৰ সমূহৰ পুৰোহিত , ভকত প্ৰমুখ্যে অন্যান্য কৰ্মচাৰী সকললৈ সাহাৰ্য প্ৰদান কৰি অহা হৈছে । তেনেদৰে আজি বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতি আৰু উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয় , আউনীআটী সত্ৰ , ৰুদ্ৰেশ্বৰ দেৱালয় , পশ্চিম ৰজাদুৱাৰ বাৰোৱাৰী কালি মন্দিৰ , মনিকৰ্ণেশ্বৰ আৰু পূৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত অখণ্ড দীপ জ্বলাই যাবলৈ মিঠাতেল দান কৰা হয় । ইয়াৰ লগতে পূজা সামগ্ৰী আদি অৰ্পণ কৰা হয় । বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে আজি পূৱা শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ পৰা আৰম্ভ কৰা সাহাৰ্য্য অভিযানত গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শুভৰাম বৰা আৰু কাৰ্যকাৰী সভাপতি বিনয় ঠাকুৰীয়া , সহ: সম্পাদক মৃনাল শৰ্মা , নামঘৰ মঠ-মন্দিৰ প্ৰমুখ গোপাল কফ্লে , ড০ লুকেন্দ্ৰ প্ৰসাদ ডেকা , ড০ কনকেশ্বৰ বৰদলৈ , সদৌ অসম মঠ-মন্দিৰ সংঘৰ পৰা নিজৰা চমুৱা , উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ সভাপতি কুলেন বড়ো , উপ সভাপতি সঞ্জীৱ বৰুৱা , উপদেষ্টা নিৰ্মল বৰা , উৎপল তালুকদাৰ , জগদীশ শৰ্মা , সম্পাদক অজয় দাস , সৎসঙ্গ প্ৰমুখ মুন দাস , প্ৰচাৰ প্ৰমূখ টুটুমনি দাসৰ নেতৃত্বত যোৱা দলটোৱে উত্তৰ গুৱাহাটীৰ বিভিন্ন মন্দিৰত দ্ৰব্য সমূহ আগবঢ়ায় । এনে কাৰ্য্যত সহায় কৰিবলৈ ইচ্ছুক ভক্তসকলে দান বৰঙণি আগবঢ়াবলৈ বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শুভৰাম বৰা (9436109580 ) আৰু সম্পাদক চন্দন ৰাভাক (9859917211) ভ্ৰাম্যভাষেৰে যোগাযোগ কৰিব অথবা UCO Bank, Guwahati main branch, A/C No 00450110027868,IFSC code UCBA0000045 বেংক একাউন্টত ধন জমা দিব পাৰিব বুলিও প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিছে ।