মানৱ দৰদী সাংবাদিক-লেখক পংকজ কুমাৰ দাস

160

মানৱ দৰদী সাংবাদিক-লেখক পংকজ কুমাৰ দাস
নীলাঞ্জনা শৰ্মা বৰুৱা , গুৱাহাটী

মানৱ দৰদী সাংবাদিক , লেখক পংকজ কুমাৰ দাসৰ বিষয়ে দু-আষাৰমান লিখিবলৈ লৈছোঁ । প্ৰকৃতাৰ্থত তেখেতৰ বিষয়ে দুষাৰমান লিখিয়ে শেষ কৰাটো সম্ভৱ নহয় । পংকজ কুমাৰ দাসৰ বিষয়ে আগৰে পৰা শুনি আছিলোঁ যদিও ২০১৮ চনতহে মুখপুথিতে তেখেতক লগ পাইছিলোঁ । কবি প্ৰাঞ্জল প্ৰতীম হাজৰিকাৰ “অশ্ৰুমালাৰ কথাৰে” কাব্যগ্ৰন্থখন তেখেতে ইমান ধুনীয়াকৈ সজাই তুলিছিল যে , ময়ো তেখেতৰ ওচৰত মোৰ এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ মনস্থ কৰিছিলোঁ আৰু তাৰ ফলস্বৰূপে ২০১৯ চনত দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা মোৰ “প্ৰবন্ধ কৰণি”খন প্ৰকাশ কৰাৰ সৌভাগ্য ঘটে । সেই তেতিয়াই তেখেতক ব্যক্তিগতভাবে লগ পাওঁ আৰু গ্ৰন্থ উন্মোচনী সভাখনৰ জৰিয়তে তেখেতৰ নিষ্ঠাবান কৰ্মৰাজিৰ পৰিচয় পাওঁ । তেখেত যে , প্ৰকৃতাৰ্থত এজন সমাজ সচেতক আৰু মানব দৰদী ব্যক্তি , এইয়া তেখেতৰ প্ৰতিটো লিখা আৰু তেখেতৰ কৰ্মত বিৰাজমান ।তেখেতে সমাজৰ চুকে-কোণে সোমাই থকা সাহিত্য অনুৰাগীলোক সকলক তেখেত সকলৰ মূল্যৱান লেখা সমূহ প্ৰকাশৰ সুবিধা কৰি দি তেখেত সকলক নিস্বাৰ্থ ভাৱে অনুপ্ৰাণিত কৰি আহিছে । তেখেতে নিয়মীয়াকৈ মাহেকীয়া সাহিত্য আলোচনী”দিগদৰ্শন”, মহিলা আলোচনী”অনন্যা”, কবিতা আলোচনী”ছন্দগুচ্ছ”, শিশু আৰু কিশোৰৰ আলোচনী “জ্ঞানজ্যোতি”, সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী”প্ৰতীক্ষা”সম্পাদনা কৰি প্ৰকাশ কৰি অহাৰ লগতে ভালেকেইখন সম্পাদিত গ্ৰন্থও প্ৰকাশ পাইছে । শেহতীয়াকৈ “গণস্তম্ভ” কাকতত প্ৰকাশ পোৱা তেখেতৰ প্ৰবন্ধ “মায়া মোহ , জীৱাত্মা আৰু ভক্তি” এটা তেখেতৰ অতি তত্বগধুৰ চিন্তাধাৰাৰ ফচল । তদুপৰি তেখেতৰ “মানৱ জীৱনৰ মূল্য”,”শ্বাস-প্ৰশ্বাসৰ প্ৰয়োজনীয়তা”,”আয়ুস ৰহস্য”,”কৰ্মৰ মাজতেই ধৰ্ম” আদি প্ৰবন্ধ সমূহ পঢ়ি সমাজৰ যিকোনো মানুহেই সহজে বুজি নিজ-নিজ জীৱনত কিছুমান লাগতিয়াল কথা প্ৰয়োগ কৰি জীৱনটো সুন্দৰ কৰি তুলিব পাৰিব বুলি আমাৰ বিশ্বাস ।” সৎ সংগৰ মহিমা” শীৰ্ষক তেখেতৰ এটি মূল্যবান প্ৰবন্ধ” দৈনিক জনমভূমি”কাকতত ২০০১ চনৰ ১৮ আগষ্ট তাৰিখে প্ৰকাশ হৈছিল , যিটো পঢ়াৰ সৌভাগ্য আমাৰ ঘটিছিল । “দৈনিক গণ অধিকাৰ” , “দৈনন্দিন বাৰ্তা”আৰু “দুৰ্নীতিৰ দৰ্পণ” ৰ সাংবাদিক পংকজ কুমাৰ দাসক গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰে লেখক ৰূপে সম্বৰ্ধনা জনোৱাৰ উপৰিও অসমৰ বিভিন্ন ৰাইজে সম্বৰ্ধনা জনাই তেখেতৰ কৰ্মৰ স্বীকৃতি প্ৰদান কৰিছে । তেখেতে আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিও অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । গুৱাহাটীৰ উজান বজাৰস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত দৈনন্দিন বাৰ্তা বঁটা আৰু দ্যা আছাম ৰাইজিং বঁটা প্ৰদান অনুষ্ঠানত এইজনা সমাজ সচেতক সাংবাদিকক কাকতগোষ্ঠীয়ে সম্বৰ্ধনা জনোৱাত আমি নথৈ সুখী হোৱাৰ লগতে তেখেতক হৃদয়েৰে অভিনন্দন জনাইছোঁ । শেষত তেখেতৰ এগৰাকী শুভাকাংক্ষী হিচাপে এইটো কামনা কৰোঁ , তেখেতে যাতে নিজ কৰ্মৰ দ্বাৰা সমাজৰ উন্নতি সাধন কৰি জীৱনৰ বাটত আগুৱাই গৈ থাকে । তেখেতৰ বন্ধু বুলি কৈ আমি যাতে গৌৰৱ কৰিব পাৰোঁ । শেষত তেখেতৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ । জয়তু দিগদৰ্শন প্ৰকাশন , জয়তু পংকজ কুমাৰ দাস আৰু তেখেতৰ সৎ কৰ্ম ।