শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী সঞ্চালকলৈ স্মাৰক পত্ৰ যুৱ-ছাত্ৰ পৰিষদৰ

116

শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী সঞ্চালকলৈ স্মাৰক পত্ৰ যুৱ-ছাত্ৰ পৰিষদৰ

ষ্টাফৰিপৰ্টাৰ ,মৰিগাঁও , ১ অক্টোবৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ আঞ্চলিক সমিতিয়ে আজি মৰিগাঁও সদৰ থানা ভাৰপ্ৰাপ্ত বিষয়া জৰিয়তে অসম আৰক্ষী সঞ্চালক প্ৰধান লৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । পৰিষদৰ সদৰ আঞ্চলিকৰ সভাপতি ফাৰুক হুছেইন আৰু সাধাৰণ সম্পাদক মাধুৰ্য্য ময়ূৰ বৰা স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে-অসম চৰকাৰে দৰঙৰ গৰুসুঁতিত কৰা উচ্ছেদ অভিযানৰ গৰিনা লৈ অসম বিধানসভাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে অসম আন্দোলনৰ শ্বহীদ সকলৰ ওপৰত অপমানজনক মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে । এই ঘটনাক মৰিগাঁও সদৰ যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা দিয়াৰ লগতে অসম আৰক্ষীয়ে এই ঘটনাটো উচিত তদন্ত কৰি দোষীক শাস্তি বিহিবলৈ দাবী জনায়।