সদৌ অসম কবি মঞ্চৰ উদ্যোগত ই-আলোচনী তথা গ্ৰন্থ উন্মোচনী সভা

56

সদৌ অসম কবি মঞ্চৰ উদ্যোগত ই-আলোচনী তথা গ্ৰন্থ উন্মোচনী সভা

দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া , ২৪ ছেপ্টেম্বৰঃ সদৌ অসম কবি মঞ্চৰ উদ্যোগত আৰু আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ ৰঙিয়া মহাবিদ্যালয়ৰ দ্বাৰা আজি সদৌ অসম কবি মঞ্চৰ তৃতীয় সংখ্যক মাহেকীয়া আলোচনী আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে অসমৰ স্বনামধন্য কবি নীলিম কুমাৰ , ডঃ হিতেশ বৰ্মণ , ডঃ ৰুণুমি দত্ত ডেকা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত শৰ্মা , ডঃ হৰি প্ৰসাদ শৰ্মা , অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথী মহন্ত , ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাকে ধৰি বহুতো কবি সাহিত্যিক । সভাত কবি নীলিম কুমাৰে আবৃত্তি কৰে , তেখেতৰ স্বৰচিত কেবাটাও বিখ্যত কবিতা , যাৰ ভিতৰত অন্যতম ‘নিমখ’,’কিবা এটা আছে’। কবি গৰাকীয়ে লগতে বৰ্তমানৰ কবিতা তথা কবি সম্পৰ্কেও কিছু আক্ষেপ প্ৰকাশ কৰি কেতবোৰ বিশেষ মন্তব্য আগবঢ়ায় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতটোত কেইবাজনো বিশিষ্ট কবি তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কাব্যিক ভাষণ ৰখাৰ লগতে কবিতা আবৃত্তি কৰে । ৰাজ্যসভাৰ সাংসদ তথা কবি মঞ্চৰ মুখ্য পৃষ্ঠপোষক ভূৱনেশ্বৰ কলিতাই মঞ্চৰ দ্বাৰা প্ৰকাশিত আলোচনী আৰু অনুষ্ঠান সমূহ আগবঢ়াই নিয়াত বিশেষকৈ আৰ্থিকভাৱে আগবঢ়াই অহা সহযোগিতাৰ বাবে কবি মঞ্চৰ সভাপতি জাভেদ জামান আৰু সম্পাদক জিতু কাঞ্চনে শলাগ জনায় । সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত তৃতীয় সংখ্যক ই-আলোচনীখন ভাৰ্চুৱেলী মুকলি কৰে সাংসদ কলিতাই । এই সভাতেই বিশিষ্ট লেখিকা তথা শিক্ষাবিদ ডঃ ৰুণুমি দত্ত ডেকাৰ দ্বাৰা লিখিত আধ্যত্মিক গ্ৰন্থ ‘অমৃতৰ ছন্দ’উন্মোচন কৰে অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত তথা সুলেখক পাৰ্থসাৰথী মহন্তই।আনহাতে, গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত বহুতো কবি সাহিত্যিক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বঢ়ায় ।