সোনতলীত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠফলা মিল

86
সোনতলীত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠফলা মিল
দুৰ্নীতিৰ দৰ্পণ সেৱা , নগৰবেৰা , ২০ আগষ্টঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধিনস্ত সোনতলীত বৃহস্পতিবাৰে বন বিভাগৰ এক অভিযানত উৎখাত কৰে এটা অবৈধ চোৰাং কাঠফলা মিল । জানিব পৰা মতে , এক গোপন সুত্ৰৰ পম খেদি নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধিনস্ত সোনতলীত নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ এদল বনকৰ্মী অভিযান চলাই উৎখাত কৰে এটি অবৈধ চোৰাং কাঠফলা মিল । বন বিভাগৰ দলটি ঘটনাস্তলিত উপস্তিত হোৱাৰ আগতেই কাঠফলা মিলৰ গৰাকী পলায়ন কৰে বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে । কাঠফলা মিল জব্দ কৰি নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ত লৈ যায় ।