মোৰাঝাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত জনপ্ৰিয় শিক্ষক গিয়াছ উদ্দিনৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অঞ্চল

154

মোৰাঝাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত জনপ্ৰিয় শিক্ষক গিয়াছ উদ্দিনৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অঞ্চল

দুৰ্নীতিৰ দৰ্পণ , আচাদুৰ ৰহমান , ২৮ আগষ্টঃ হোজাই জিলাৰ মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দীৰ্ঘদিন সুচাৰুৰূপে নিজৰ গুৰু-দায়িত্ব পালন কৰি অৱশেষত অৱসৰ গ্ৰহণ কৰিছিল শিক্ষক গৰাকীয়ে । ১৯৮৫ চনত মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী আৰু অসমীয়া বিভাগৰ এগৰাকী শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল শিক্ষক গিয়াছ উদ্দিন আহমেদে । তেখেতে শিক্ষাদান দিয়া বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিভাগত চৰকাৰী চাকৰি লাভ কৰি অঞ্চলটোৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেখেতে বসবাস কৰা অঞ্চলবাসী ৰাইজৰ মাজত তেখেতে বহু জনপ্ৰিয়তা লাভ কৰাৰ মুল কাৰণ আছিল তেখেত এগৰাকী সামাজিক ন্যায় বিচাৰক আৰু সমাজৰ প্ৰতি আছিল তেখেতৰ দায়বদ্ধতা । তেখেতে শিক্ষাদান দিয়া প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বলতাৰ লক্ষ্যৰে অতি মৰম চেনেহৰ মাজেৰে ছাত্ৰ-ছাত্ৰীক পাঠদান দি ২০১৪ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে । শিক্ষক গৰাকীয়ে সোমবাৰে অৰ্থাৎ ২৩ আগষ্টৰ নিশা ১১ বাজি ৫৫ মিনিটত নিজ বাসগৃহত জীৱনৰ অন্তিম নিঃশ্বাস ত্যাগ কৰাত অঞ্চলটোত এক শোকৰ ছাঁ পৰিছে । অৱসৰপ্ৰাপ্ত শিক্ষক মৰহুম গিয়াছ উদ্দিন আহমেদৰ মঙ্গলবাৰে দিনৰ ১০ বাজি ৩০ মিনিটত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত জানাজাৰ নামাজ সম্পন্ন হয় । শিক্ষক গৰাকীৰ মৃত্যুত স্থানীয় বিধায়ক ছিৰাজুদ্দিন আজমলৰ লগতে তেওঁৰেই বিগত দিনৰ ছাত্ৰ-ছাত্ৰী,স্থানীয় প্ৰেছ ক্লাব,দল সংগঠনৰ লগতে অজস্ৰ গুণমুগ্ধই শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।