হোজাই জিলাৰ যমুনা মৌডংগা নিগমত তিনি সন্তানৰ দেউতাকে পলুৱাই নিলে কিশোৰী, এজন গ্ৰেপ্তাৰ।

102

দুৰ্নীতিৰ দৰ্পন, ষ্টাফ ৰিপৰ্টাৰ, ২৭ আগষ্টঃ হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত যমুনা মৌডংগা কৃষিপাম নিগমত সংঘটিত হৈছে কিশোৰী অপহৰণ কাণ্ড। একেখন গাওঁৰ তিনি সন্তানৰ পিতৃ হানিফাই চৌধ্য বছৰীয়া কিশোৰীজনীক পলুৱাই নি ঘৰত ৰখাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত দেৱস্তান আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযুক্ত হানিফাক গ্ৰেপ্তাৰ কৰে। আনহাতে কিশোৰীজনীক উদ্ধাৰ কৰি ডবকাত থকা শিশু গৃহত ৰাখে। সুত্ৰমতে হানিফাই ইতিমধ্যে দুখন বিয়া পাতিছে আৰু তিনি সন্তানৰ পিতৃ। অভিযোগমতে কিশোৰীজনীক কেইবামাহ ধৰি ধৰ্ষণ কৰিছিল অভিযুক্তনে।