বিজ্ঞান সন্মতিভাৱে আলোপতিত নেমু খেতি কৰি বিপাঙত খেতিয়ক, উৎপাদন অনুপাতে বজাৰত নাই গ্ৰাহক 

134
বিজ্ঞান সন্মতিভাৱে আলোপতিত নেমু খেতি কৰি বিপাঙত খেতিয়ক, উৎপাদন অনুপাতে বজাৰত নাই গ্ৰাহক
দুৰ্নীতিৰ দৰ্পণ সেৱা , স্বাহ স্বাহিন জামান আহমেদ , নগৰবেৰা, ২১ আগষ্টঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী আলোপতিৰ আবুশ্বামা নামৰ শিক্ষিত যুৱকজনে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ আশাৰে চাৰি বিঘা মাটিত কৰিছিল নেমু খেতি । কৰোণা মহামাৰীয়ে বিপাঙত পেলাইছে দুখীয়া নেমু খেতিয়কক । উৎপাদন অনুপাতে বজাৰত নাই গ্ৰাহক , বেচিব নোৱাৰি গছৰ তলতে পচিব ধৰিছে নেমু । শলঠেকত পৰিছে দুখীয়া নেমু খেতিয়ক সকলে । নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী  আলোপতিৰ আবুশ্বামা নামৰ শিক্ষিত যুৱকজনে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ আশাৰে ২ বিঘা নিজা আৰু ২ বিঘা মাটি লিজত লৈ কৰিছিল নেমু খেতি । কভিড দুৰ্যোগৰ বাবে আন্তঃজিলা যাতায়ত বন্ধ হোৱাত নেমু বিক্ৰীৰ বাবে বজাৰত নাই বেপাৰী নাই গ্ৰাহক । যাৰ বাবে খেতিতেই গেলি পচি নষ্ট হবলৈ ধৰিছে নেমু খিনি । খেতিয়ক জনৰ দিন নাযায় ৰাতি নুপুৱায় অৱস্থা , পেটে ভাতে চলাইছে সংসাৰ । উপায়বিহীন হৈ নেমু খেতিয়ক আবুশ্বামাই চৰকাৰৰ পৰা বিচাৰিছে আৰ্থিক সাহাৰ্য্য ।