বৰপেটা গ্ৰামীণ স্ব-নিয়োজন প্ৰতিষ্ঠানত হাহঁ-কুকুৰা পালনৰ প্ৰশিক্ষণ আৰম্ভ , উৎপাদনমুখী কৰ্ম‌ই দেশৰ অৰ্থনীতিক সমৃদ্ধ কৰে : জনসংযোগ বিষয়া

572

বৰপেটা গ্ৰামীণ স্ব-নিয়োজন প্ৰতিষ্ঠানত হাহঁ-কুকুৰা পালনৰ প্ৰশিক্ষণ আৰম্ভ , উৎপাদনমুখী কৰ্ম‌ই দেশৰ অৰ্থনীতিক সমৃদ্ধ কৰে : জনসংযোগ বিষয়া

ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ১৮ ছেপ্টেম্বৰ : যিকোনো উৎপাদন মুখি কৰ্ম‌ই দেশৰ অৰ্থনীতিক সমৃদ্ধ কৰে বুলি মন্তব্য কৰিছে বৰপেটা জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই । আজি বৰপেটা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত হাহঁ-কুকুৰা পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী এটা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত তেওঁ কয় যে , হাহঁ-কুকুৰা পালনেও দেশৰ অৰ্থনীতিক টনকিয়াল কৰে । সেয়েহে এনে প্ৰতিজন পশু-পক্ষী পালকে নিজৰ পৰিয়ালৰ লগতে দেশৰ অৰ্থনৈতিক প্ৰগতিক তৰান্বিত কৰে । সেয়েহে পশুপালন বৃত্তিক এক মহৎ বৃত্তি বুলি তেওঁ অভিহিত কৰে । এই প্ৰশিক্ষণৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অধিক সংখ্যক মহিলা আগবাঢ়ি অহাটো অতি শুভলক্ষণ বুলি উল্লেখ কৰি তেওঁ কয় যে , মহিলা সকলে ইয়াৰ দ্বাৰা পৰিয়ালৰ আয় বৃদ্ধি কৰাৰ উপৰি সমাজত নিজৰ এটা সন্মানজনক পৰিচয় গঢ়িবলৈ সক্ষম হ’ব । বৰপেটা গ্ৰামীন স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জেষ্ঠ প্ৰশিক্ষক নৱ কুমাৰ দাসে আঁতধৰা অনুষ্ঠানটোত গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক কৃষ্ণ পাঠক , ৰাইনো ক্লাবৰ সম্পাদক নৃপেন দাস আৰু জিলা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ৰণজিৎ তালুকদাৰে চমু ভাষণৰ জৰিয়তে প্ৰশিক্ষাৰ্থী সকলক উৎসাহ আৰু পৰামৰ্শ প্ৰদান কৰে । উল্লেখযোগ্য যে , এই প্ৰশিক্ষণত ৫৪ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে , যিসকলৰ অধিকাংশ‌ই মহিলা । তেওঁলোকক কোভিড বিধি অনুসৰি দুটা গোটত ভাগ কৰি ১০ দিন ধৰি এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ’ব । প্ৰশিক্ষণৰ অন্তত তেওঁলোকক বেঙ্কৰ পৰা ঋণ প্ৰদানৰ বাবে প্ৰতিষ্ঠানটোৱে সহায় আগবঢ়াব বুলি সঞ্চালক তালুকদাৰে জানিবলৈ দিয়ে ।