ইণ্ডিয়ান আইডল চিজন ১২ ৰ খিতাপ জয় উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনৰ

118

ইণ্ডিয়ান আইডল চিজন ১২ ৰ খিতাপ জয় উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ , ১৬ আগষ্টঃ ইণ্ডিয়ান আইডল চিজন ১২ ৰ গ্ৰেণ্ড ফাইনেলৰ অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে একেৰাহে ১২ ঘণ্টাৰ লাইভ সম্প্ৰচাৰ কৰিছিল । অনুষ্ঠানটো দেওবাৰে দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ অনুষ্ঠিত হৈছিল । এইবাৰ বিচাৰকৰ আসনত আছিল অনু মালিক,হিমেশ ৰেশমিয়া আৰু চনু কক্কৰ । ফাইনেলৰ বিশেষ অনুষ্ঠানত অল্কা য়াগনিক,কুমাৰ চানু,উদিত নাৰায়ণ বিশেষ অতিথি হিচাপে উপস্থিত আছিল । লগতে আছিল সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীও । উল্লেখ্য যে,সংগীতৰ অন্যতম শ্ৰেষ্ঠ ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডল চিজন ১২ ৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনে । লগতে প্ৰথম ৰানাৰ-আপ হৈছে অৰুণিতা কাঞ্জিলাল । বিজয়ী পৱনদীপ ৰাজনক এটা ট্ৰফী , ২৫ লাখ টকাৰ পুৰস্কাৰ আৰু এখন নতুন গাড়ী প্ৰদান কৰা হয় । পশ্চিম বংগৰ অৰুণিতা কাঞ্জিলাল কঠিন যুঁজৰ পিছতো দ্বিতীয় স্থানতে থমকিবলগীয়া হয় । এইবাৰ পৱনদীপ আৰু অৰুণিতাৰ ওপৰিও চাইলি কাম্বলে,নিহাল তৌৰো,মোঃ দানেশ আৰু ফ্ৰণ্ট প্ৰিয়াই ফাইনেলত প্ৰৱেশ কৰিছিল ।