ছাঁ-পোহৰৰ গান

61

ছাঁ-পোহৰৰ গান

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৭ চেপ্তেম্বৰ : এখন নতুন অসমীয়া কথা ছৱি। অসমৰ বিভিন্ন প্ৰান্তত এতিয়া হাতী-মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে নিতৌ হাতীৰ আক্ৰমণত ৷ কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাইছে । ক’ৰবাত যদি ঘৰ ভাঙিছে , আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে । পকা ধাননি পথাৰ ডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে । হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে । হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে । খেতিপথাৰত কপালৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰিলেও ভঁৰালত সুমুৱাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে একমাত্ৰ বন্যহস্তীৰ বাবে । বানপানীৰ সমানেই বন্যহস্তীয়েও ভাঙি চূৰমাৰ কৰিছে কৃষকৰ সপোন । আনকি ভঁৰালত ৰখা ধানো হাতীৰ বাবে হেৰুৱাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে । ইয়াৰ বিপৰীতে বহু বন্যস্তীৰো মৃত্যু ঘটিছে । হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ বা খেতি পথাৰৰ চাৰিওফালে বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি থোৱাৰ ফলত বহু হাতীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে । তদুপৰি কিছুমানে জংঘলৰ ঘাঁহনিত বিহ দি থোৱাৰ ফলতো হাতীৰ মৃত্যু হোৱাৰ দেখা য়ায এই বিষয়কে লৈ দেৱজিৎ ৰাজখোৱাৰ কাহিনী , চিএনাট্য ,পৰিচালনাৰে পৰেশ গগৈৰ প্ৰযোজনাৰে এখন অসমীয়া কথাঁছবি(ছাঁ-পোহৰৰ গান শুভ মহুৰত। অৰুন হাজৰীকা(নেএকাই),শ্ৰীমন্তমাধৱ দত্ত,নীলিম চেতীয়া , শঙ্কৰজ্যোজি ৰাজখোৱাৰ অভিনয়ৰে ন অসমীয়া কথাঁছবি ছাঁ-পোহৰৰ গান ।