মুকলি হ’ল আৰ আৰ আৰ ছবিৰ থিম চং দোস্তি

136

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১ আগষ্ট : বন্ধুত্ব দিৱসৰ দিনটোতে মুকলি পালে এছ.এছ. ৰাজামৌলীৰ আটাইতকৈ প্ৰত্যাশিত চলচ্চিত্ৰ আৰ আৰ আৰৰ থীম চং , ‘দোস্তি’ ৷ এম. এম. কীৰাৱানীৰ লগতে পাঁচগৰাকী শিল্পীয়ে গীতটোত কণ্ঠদান কৰিছে ৷ অমিত ত্ৰিবেদী , অনিৰুদ্ধ ৰবিচন্দ্ৰ , বিজয় য়েচুদাস , হেমা চন্দ্ৰ আৰু য়াজিন নাজিৰে এই গীতটোত কণ্ঠদান কৰিছে ৷ এই কন্ঠ শিল্পীসকলে হিন্দী , তামিল , তেলেগু , মালায়ালম আৰু কানাড়া ভাষাত থীম ট্ৰেকটোত কণ্ঠদান কৰিছে ৷ ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে টি-ছিৰিজ আৰু লাহিৰি মিউজিক ৷ এছ এছ ৰাজামৌলী দ্বাৰা পৰিচালিত ছবি সমূহক ভাৰতত প্ৰযোজিত আটাইতকৈ ব্যয়বহুল চলচ্চিত্ৰ হিচাপে ধৰা হয় ৷ এই ছবিখনত স্বাধীনতা সংগ্ৰামী আল্লুৰী সিতাৰাম ৰাজু আৰু কমাৰাম ভীমৰ চৰিত্ৰত দুই অভিনেতা ক্ৰমে ৰাম চৰণ আৰু জুনিয়ৰ এন.টি.আৰ.এ অভিনয় কৰিছে ৷ ব্ৰিটিছৰ লগতে হাইদৰাবাদৰ নিজামৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পটভূমিত ছবিখনৰ কাহিনীভাগ ৰচনা কৰা হৈছে ৷ বলীউডৰ অভিনেতা আলিয়া ভাট আৰু অজয় দেৱগনকো এছ এছ ৰাজামৌলীৰ এই ছবিত দেখা যাব ৷ স্বাধীনতা সংগ্ৰামী কোমাৰাম ভীম আৰু আল্লুৰী সীতা ৰাম ৰাজুৰ জীৱনক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে ৷ ছবিখন তেলেগু , তামিল , হিন্দী , মালায়ালম , কানাড়া আৰু অন্যান্য ভাৰতীয় ভাষাত মুকলি কৰা হ’ব ।