ক’ভিড যোদ্ধাৰূপী স্বাস্থ্য কৰ্মীলৈ প্ৰেৰণা মেডিকেলৰ সম্বৰ্ধনা

89

৬০ উৰ্ধৰ ব্যক্তিক গৃহতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা

দুৰ্নীতিৰ দৰ্পণ সেৱা , পংকজ কুমাৰ দাস , পশ্চিম যোৰহাট , ১ আগষ্ট : দিন ৰাতি একাকাৰ কৰি ২৪ ঘণ্টাই স্বাস্থ্য কৰ্মী সকলে ক’ভিদ মহামাৰীৰ বিৰুদ্ধে নিজৰ সেৱা আগবঢ়াই আহিছে । সেই সকল স্বাস্থ্য কৰ্মীৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই পশ্চিম যোৰহাটৰ ঢাপকটা-লহপহীয়া চাৰিআলিত অৱস্থিত ঔষধ বিক্রেতা প্ৰতিষ্ঠান প্ৰেৰণা মেডিকেলে এলানি কাৰ্যসূচী হাতত লৈছে । ব্যৱসায়িক প্ৰতিষ্ঠানখনে আজি ঘৰে ঘৰে গৈ অঞ্চলটোৰ বহু কেইজন স্বাস্থ্য কৰ্মীৰ লগতে আশা কৰ্মীকো গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান জনায় তেওঁলোকক উৎসাহিত কৰে । সম্বৰ্ধনা জনোৱা স্বাস্থ্য কৰ্মী সকল হল চাৰিঙিয়া অঞ্চলৰ ক্ৰমে ভবেশ বৰা , ৰাতুল হালৈ , জ্যোতিষ দত্ত , ৰাজীৱ শইকীয়া , গীতাঞ্জলি নেওগ শইকীয়া , মহম্মদ চফীকুল ইছলামৰ লগতে আজান গাঁওৰ আশাকৰ্মী দীপা দত্ত , মিলনপুৰৰ মীনা কুৰ্মী , লহপহীয়াৰ ৰংগিলা কৰ্মকাৰ , চাৰিঙিয়াৰ বীণা দত্ত , জোনমণি হাজৰিকা আৰু পল্লৱী দত্ত । ইয়াৰোপৰি বৰ্তমান ক’ভিড পৰিবেশৰ বাবে অঞ্চলটোৰ ৬০ উদ্ধৰ ব্যক্তি সকল ঘৰতে সোমাই থাকিব লগীয়া হোৱাত সেই সকল ব্যক্তিৰ ঘৰত গৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ এক পদক্ষেপ ফাৰ্মাচীখনে গ্ৰহণ কৰিছে । সম্পূৰ্ণ বিনামূলীয়া এই স্বাস্থ্য সেৱা কাৰ্যসূচী প্ৰতি সপ্তাহৰ দেওবাৰে পুৱা ৭ বজাৰ পৰা ১০ বজালৈ এবছৰ ধৰি চলাই নিয়া হব । এই উদ্দেশ্যে আজি ঢাপকটা অঞ্চলতে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি উক্ত অঞ্চলৰ ৬০ উদ্ধৰ ব্যক্তি জিতেন শৰ্মা , ৰেণু শৰ্মা দেৱী , অৱনী কুমাৰ শৰ্মা , প্ৰতাপ শৰ্মাৰ লগতে কৰুণা ভট্টাচাৰ্যৰ গৃহলৈ গৈ বয়োজ্যেষ্ঠ ব্যক্তি কেইজনৰ উচ্চ ৰক্তচাপ , বডী টেমপ্ৰেচাৰ আৰু অক্সিজেন লেভেল পৰীক্ষা কৰা হয় । উল্লেখযোগ্য যে , প্ৰেৰণা মেডিকেলৰ উদ্যোগত আৰু পশ্চিম যোৰহাট অঞ্চলৰ সমাজ সচেতন যুৱকৰ সহযোগত আৰম্ভ কৰা এই কার্যসূচীত আজি ফাৰ্মাচী খনৰ স্বত্বাধিকাৰ প্ৰাঞ্জল প্ৰতিম বৰা , কৰ্মচাৰী দিবাকৰ সাউদৰ উপৰি অঞ্চলটোৰ সমাজ কৰ্মী ৰঞ্জীত ভূঞা , দেৱজিৎ বৰা আৰু সমৰ বৰুৱাই সহযোগিতা আগবঢ়াই । ৰাইজে ফাৰ্মাচী খনৰ লগতে স্থানীয় যুৱ সমাজ কৰ্মীৰ এই পদক্ষেপক আদৰণী জনাইছে ।