গোলাঘাট লায়ঞ্চ ক্লাৱত অনুষ্ঠিত হৃদৰোগ পৰীক্ষা শিবিৰ

132

গোলাঘাট লায়ঞ্চ ক্লাৱত অনুষ্ঠিত হৃদৰোগ পৰীক্ষা শিবিৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২৬ চেপ্তেম্বৰ : গোলাঘাট নগৰৰ চক বজাৰ স্থিত লায়ঞ্চ ক্লাবত বিনামূলীয়া হৃদৰোগ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় । ইয়াত চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ উদ্যোগত গোলাঘাট লায়ঞ্চ ক্লাব আৰু মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত গোলাঘাট চক্‌ বজাৰ স্থিত লায়ঞ্চ ক্লাবৰ প্ৰেক্ষাগৃহত আজি বিনামূলীয়া হৃদৰোগ পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায় । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট হৃদ ৰোগ বিশেষজ্ঞ ডক্টৰ চিন্ময় মজুমদাৰ । লায়ঞ্চ ক্লাব আৰু মাৰোৱাৰী যুৱ মঞ্চৰ বিষয় ববীয়া সকলে অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটোত আজি গোলাঘাট জিলাৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷