পুৰণিগুদামত শৰীৰৰ চৰ্চা কেন্দ্ৰ মুকলি

81

দুৰ্নীতিৰ দৰ্পণ সেৱা , পুৰণিগুদামৰ বাতচ্ছম হক , ১ আগষ্টঃ সম্প্ৰতি প্ৰতিগৰাকী লোকৰে খাদ্যৰ বাবেই হওক , কিম্বা পৰিশ্ৰমহীনতাৰ বাবেই হওক দৈহিক গঠনকে ধৰি শৰীৰত ভিন্ন বেমাৰ-আজাৰে দেখা দিছে । তেনে সময়তে দেখা পোৱা গৈছে একাংশ লোকে সু-স্বাস্থ্যৰ স্বাৰ্থত শাৰীৰিক ব্যায়ামৰ প্ৰতি আকৃষ্ট হৈছে আৰু শৰীৰ চৰ্চা কেন্দ্ৰ অৰ্থাৎ জিমলৈ যোৱা আৰম্ভ কৰিছে । নগাওঁ জিলাৰ পুৰণিগুদামস্থিত বাপুজী ভৱন আৰু পুথিভঁৰালৰ নৱনিৰ্মিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰৰ মহলাত আজি স্থানীয় লোকৰ স্বাৰ্থত ডি,জে ফিটনেচ নামৰে শৰীৰৰ চৰ্চা কেন্দ্ৰ এটা মুকলি কৰা হয় । এই শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি পুলিন হাজৰিকাই । কভিড প্ৰটকল মানি অনুষ্ঠিত হোৱা উদ্ধোধনী অনুষ্ঠানত পুলিন হাজৰিকাই এজনে দিনত একঘণ্টা হ’লেও শৰীৰৰ চৰ্চা কৰিব লাগে । যিয়ে আমাৰ শৰীৰ আৰু মন সুস্থ কৰি ৰখাত সহায় কৰে বুলি বক্তব্য আগবঢ়াই । পুৰণিগুদাম কঢ়ালীগাওঁৰ যুৱক দিব্য জ্যোতি শইকীয়া আৰু হাতীগাওঁ বৰাচুকৰ সত্যজিৎ বৰা তত্বাৱধানত যুৱক-যুৱতী উভয়ৰে বাবে অত্যাধুনিক সা সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰই ডেকা শক্তিক সু-স্বাস্থ্য ৰক্ষাত সহায় কৰিব বুলি আশাবাদী ।