পেঙেৰীত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত গঞা ৰাইজ

82

পেঙেৰীত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত গঞা ৰাইজ , বাৰ বছৰ পূৰ্বে নিৰ্মাণ কাৰ্য সম্পন্ন হোৱা চিকিৎসালয়ত আজিকোপতি চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম নোহোৱাত স্বাস্থ্য বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী

দুৰ্নীতিৰ দৰ্পণ সেৱা ,দ্বীপেন শইকীয়া , ডিগবৈ , ২৬ আগষ্টঃ তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাৰ ইমথেম গাওঁ পঞ্চায়তৰ অন্তৰ্গত টেকেৰী গাওঁত ২০০৮ চনতেই কেইবা কোটি টকাৰ ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰা হৈছে এশ খন বিচনাৰে চিকিৎসা লাভৰ বৃহৎ আকাৰৰ প্ৰাথমিক উপ স্বাস্থ্য কেন্দ্ৰ ৷ কিন্ত পৰিতাপৰ বিষয় যে , বিগত ১২ বছৰৰ পূৰ্বেই নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ পাচতো আজি পৰ্যন্ত পেঙেৰী টেকেৰী গাওঁৰ চৌধ্যটা (১৪) চুবুৰীৰ বৃহৎ জনবসতিপূৰ্ণ অঞ্চলৰ কেইবা হাজাৰ লোকে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে,যোৱা ১২ বছৰৰ পূৰ্বেই নিৰ্মাণ কাৰ্য সম্পন্ন হোৱা চিকিৎসালয়খনিত চৰকাৰে চিকিৎসা সেৱা প্ৰদানৰ সুবিধা কৰি দিয়াৰ পৰিবৰ্তে ভাৰতীয় সেনা বাহিনীৰ বৃহৎ দলে অস্থায়ী শিবিৰ হিচাপে ব্যৱহাৰ কৰিছিল যোৱৰ কিছু বছৰ ৷ যোৱা প্ৰায় তিনি মাহৰ পূৰ্বে ভাৰতীয় সেনাই অস্থায়ী শিবিৰ চিকিৎসালয়খনৰ পৰা আতঁৰাই নিয়ে যদিও আজি পৰ্যন্তলৈকে চিকিৎসা সেৱা লাভ নকৰাত ক্ষোভিত হৈছে স্হানীয় ৰাইজ ৷ সাধাৰণ জ্বৰ-কাঁহ অসুখ হলেই বাট কুৰি বাই তিনিচুকীয়া অথবা ডিব্ৰুগড়লৈ চিকিৎসকৰ পৰামৰ্শৰ বাবে যাতায়ত কৰিব লগাত বহু সমস্যা সন্মুখিত হৈছে গাওঁবাসী ৷ সেইহে ,বৰডুমচা পেঙেৰী টেকেৰী গাওঁৰ বৃহত্তৰ ভুক্তভোগী ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰখনিৰ পৰা সেৱা লাভ কৰিব পৰাকৈ চিকিৎসক তথা চিকিৎসাকৰ্মী নিয়োগ কৰিবলৈ ৰাজ্য চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷