বৰপেটাত একেদিনাই ৫০৩৪৫ জনক প্ৰতিষেধক প্ৰদানেৰে অভিলেখ স্থাপন , ১৪৫ শতাংশ লক্ষ্য প্ৰাপ্তি , অভিভাৱক মন্ত্ৰীৰ পৰ্যবেক্ষণ , উপায়ুক্তৰ অভিনন্দন

1173

বৰপেটাত একেদিনাই ৫০৩৪৫ জনক প্ৰতিষেধক প্ৰদানেৰে অভিলেখ স্থাপন , ১৪৫ শতাংশ লক্ষ্য প্ৰাপ্তি , অভিভাৱক মন্ত্ৰীৰ পৰ্যবেক্ষণ , উপায়ুক্তৰ অভিনন্দন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ১৯ ছেপ্টেম্বৰ : কালি ৰাজ্যজুৰি অনুষ্ঠিত হোৱা বিশেষ কোভিড প্ৰতিষেধক প্ৰদান অভিযানত বৰপেটা জিলা‌ই নিজৰ নিৰ্ধাৰিত লক্ষ্যতকৈ ৪৫ শতাংশ অধিক অৰ্থাৎ মুঠ ১৪৫ শতাংশ লক্ষ্যত উপনীত হৈছে । কালি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষ্যে হাতত লোৱা বিশেষ টিকাকৰণ অভিযানত বৰপেটা জিলাৰ বাবে ৰাজ্য চৰকাৰে ৩৫০০০ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও জিলা স্বাস্থ্য বিভাগে এই লক্ষ্য ৪১৬০০ লৈ বৃদ্ধি কৰি লৈছিল । কিন্তু মূৰকত কালি স্বাস্থ্য বিভাগৰ লগতে শিক্ষা , সমাজ কল্যাণ, জনসংযোগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ সমন্বিত প্ৰয়াসৰ ফলত ৫০,৩৪৫ জনক প্ৰতিষেধক প্ৰদান কৰা হয় । ইয়াৰে ২৪,৯৯৬ জনে প্ৰথম পালি আৰু ২৫৩৪৯ জনে দ্বিতীয় পালি কোভিড প্ৰতিষেধক কালিৰ দিনটোতে গ্ৰহণ কৰে । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে , কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰতিষেধক প্ৰদান কেন্দ্ৰ সমূহত সৰ্বাধিক ৯৪৮৯ জনে ভেকচিন গ্ৰহণ কৰিছে । ইয়াৰ পিছতে মন্দিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ‌ত ৮৬২২ জনে , ভৱানীপুৰত ৮৪০৮ জনে , নগাঁৱত ৭৩৯৩ , চেঙাত ৬৬৫৩ , বৰপেটাৰোডত ৪৫৭১ , নিত্যানন্দত ৩৭৫৩ আৰু বৰপেটা নগৰ স্বাস্থ্য কেন্দ্ৰত ১৪৫৬ জনে প্ৰতিষেধক গ্ৰহণ কৰে । উল্লেখযোগ্য যে , কালিৰ এই অভিযান সফল কৰি তুলিবলৈ স্বাস্থ্য বিভাগৰ লগতে শিক্ষা , সমাজ কল্যাণ , জনসংযোগ , পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ বিষয়া কৰ্মচাৰী সুসংগঠিত ৰূপত জড়িত হৈ পৰাৰ ফলতে এই সফলতা লাভ কৰাটো সম্ভৱ হৈ উঠে । জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই সফলতাৰ বাবে সংশ্লিষ্ট সকলো বিষয়া কৰ্মচাৰীৰ আন্তৰিক শলাগ লৈছে আৰু অভিনন্দন জনাইছে । উল্লেখযোগ্য যে , কালি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাতো অনুষ্ঠিত ব্যাপক টিকাকৰণ অভিযানৰ বুজ লবলৈ আৰু কৰ্মী সকলক উৎসাহিত কৰিবলৈ জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু অভিভাৱক সচিব অসম চৰকাৰৰ প্ৰধান সচিব জে বি এক্কাই কেবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন , খাদ্য আৰু অসামৰিক যোগান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে কালি আগবেলাতে বৰপেটাৰ ৰাইনো ক্লাৱ , বৰপেটা ৰোডৰ প্ৰেছ ক্লাব আৰু সৰভোগৰ ভালুকাডোবা স্বাস্থ্য কেন্দ্ৰত থকা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ কেইটা পৰিদৰ্শন কৰি স্বাস্থ্য কৰ্মী , বিষয়া আৰু ৰাইজৰ সৈতে বাৰ্তালাপ কৰে । প্ৰধান সচিব জে বি এক্কাও জিলা উপায়ুক্তৰ সৈতে সুন্দৰীদিয়া আৰু মন্দিয়া আদি ঠাইৰ ভালেমান কেন্দ্ৰ পৰিদৰ্শন কৰে বুলি জনসংযোগ বিষয়াই জনাইছে । তেওঁ লগতে জনোৱা মতে , কালিৰ দিনটোত ২২,৮৯৮ জনক কোভাক্সিন আৰু ২৭,৪৪৭ জনক কোভিশ্বিল্ডৰ টিকা দিয়া হয় ।