বৰপেটাত পেলু নিৰ্মুলকৰণ আৰু ডায়েৰীয়া নিয়ন্ত্ৰণ মাহ আৰম্ভ , লক্ষ্য ৭.৫ লাখ শিশু , ঘৰে ঘৰে গৈ বিলাব টেবলেট

662

বৰপেটাত পেলু নিৰ্মুলকৰণ আৰু ডায়েৰীয়া নিয়ন্ত্ৰণ মাহ আৰম্ভ , লক্ষ্য ৭.৫ লাখ শিশু , ঘৰে ঘৰে গৈ বিলাব টেবলেট

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ১৬ আগষ্ট : কভিড কালৰ মাজতে স্বাস্থ্য বিভাগে মূলতঃ শিশুৰ স্বাস্থ্যৰ সূৰক্ষাৰ স্বাৰ্থ জড়িত আঁচনি দ্বয় “ৰাষ্ট্ৰীয় পেলূ নিৰ্মূল কৰণ আৰু বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ” কাৰ্যসুচী আজিৰে পৰা অসমৰ অন্যান্য ঠাইৰ লগতে অবিভক্ত বৰপেটা জিলাতো আৰম্ভ হৈছে । অহা ১৪ ছেপ্তেম্বৰ লৈ অৰ্থাৎ মাহজোৰাকৈ চলিবলগীয়া আচনি দুখন আজি আনুষ্ঠানিকভাৱে বৰপেটা জিলা স্বাস্থ্য বিভাগে ভৱানীপুৰ খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিড বিধি মানি জিলা পৰ্যায়ত শুভাৰম্ভণি কৰে । ভৱানীপুৰ মহকুমা স্বাস্থ্য বিষয়া ডা. পুলিন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত শুভাৰম্ভণি সভাত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা. তীৰ্থ নাথ শৰ্মা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বৰপেটা জিলাৰ আঁচনি প্ৰবন্ধক ৰাজীৱ কুমাৰ মেধী সহ অন্যান্য চিকিৎসক তথা বিষয়া-কৰ্মচাৰী আৰু আশা কৰ্মী উপস্হিত থাকে । জিলা মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদে জনোৱা অনুসৰি পেলু নিৰ্মুলকৰণৰ ক্ষেত্ৰত বৰপেটা আৰু বজালী জিলাত ১-১৯ বছৰলৈকে মুঠ ৭ লাখ ৪৯ হাজাৰ ৭৫৯ জন শিশু আৰু কিশোৰ-কিশোৰীক লক্ষ্য হিচিবেলৈ মাহ জোৰা কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । উল্লেখ্য যে , এইবাৰ কভিড পৰিস্থিতিৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানৰ লগতে অংগনৱাডী কেন্দ্ৰ বন্ধ থকা বাবে আশা কৰ্মী সকলে ঘৰে ঘৰে গৈ পেলুনাশক টেবলেট “এলবেনডাজল” প্ৰদান কৰিৱ । একেদৰে ডায়েৰীয়া নিয়ন্ত্ৰণৰ বাবেও অ আৰ এছ আৰু জিংক টেবলেট প্ৰদান কৰিব ১-৫ বছৰীয়া শিশুক লক্ষ্য লৈ ।