মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ’ উদ্যোগত ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী সম্পন্ন

136

দুৰ্নীতিৰ দৰ্পণ সেৱা , নৱজ্যোতি টিপমীয়া , চৰাইদেউ , ৫ আগষ্টঃ আজি চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ আগশাৰী স্বেচ্ছাসেৱী সংগঠন চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ’ৰ উদ্যোগত আৰু মথুৰাপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সহযোগত ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷ এই উপলক্ষে মথুৰাপুৰ ভকত গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোবা ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচীত ক’ভিডৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালন কৰি এই ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী সম্পন্ন হয় ৷ এই ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচীত স্থানীয় দুই শতাধিক পুৰুষ-মহিলাক ভেকচিন প্ৰদান কৰা হয় ৷ ভেকচিন প্ৰদান কাৰ্যসূচীত স্বাস্থ্যকৰ্মী , আশাকৰ্মী সকলক সম্বৰ্ধনা জনোৱা এই কাৰ্যসূচীত স্বেচ্ছাসেৱী গ্ৰুপটোৰ সদস্য ক্ৰমে প্ৰণৱ বৰগোহাঁই , বাসুদেৱ কুমাৰ , ৰজনী গগৈ , বিশ্ব গগৈ , সীমান্ত গগৈ , ৰাধু চৌধুৰী , অৰ্ণৱ ৰাজ কোঁৱৰ আৰু ৰঘু ৰাজকোঁৱৰ আদি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ৷