হু’ৰ মুখ্য বিজ্ঞানী ড° স্বামীনাথনৰ বক্তব্যঃ ক’ভিড–১৯ ৰ এনডেমিক পর্যায়ত প্রৱেশ কৰিব ভাৰত

92

হু’ৰ মুখ্য বিজ্ঞানী ড° স্বামীনাথনৰ বক্তব্যঃ ক’ভিড–১৯ ৰ এনডেমিক পর্যায়ত প্রৱেশ কৰিব ভাৰত

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ, ২৭ আগষ্টঃ আসন্ন ক’ভিড–১৯ ৰ তৃতীয় জোৱাৰক লৈ দেশৰ স্বাস্থ্য বিভাগ সাজু হৈ উঠাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ড° সৌম্য স্বামীনাথনে ভাৰতত ক’ভিড–১৯ পৰিস্থিতিক লৈ আশাব্যঞ্জক মন্তব্য প্রকাশ কৰিছে ৷ ‘হু’ৰ মুখ্য বিজ্ঞানী ড° স্বামীনাথনে প্রকাশ কৰা মতে,ভাৰত ক’ভিড–১৯ এনডেমিক পর্যায়ত প্রৱেশ কৰিব ৷ দেশখনৰ অঞ্চলভেদে সংক্রমণৰ হাৰ হ্রাস পোৱাৰ লগতে অঞ্চলভেদে সংক্রমণৰ হাৰ বৃদ্ধি পাব ৷ নিউজ ৱেবছাইট ‘দ্য ৱেৰ’ৰ সাংবাদিক কৰণ থাপাৰৰ সৈতে হোৱা সাক্ষাৎকাৰত ‘হু’ৰ মুখ্য বিজ্ঞানী ড° স্বামীনাথনে কয় যে , ভাৰতৰ আকাৰ আৰু জনসংখ্যাৰ ভিন্নতা , দেশখনৰ ভিন্ন প্রান্তত মানুহৰ প্রতিৰোধী ক্ষমতাৰ ভিত্তিত ক’ভিড–১৯ ৰ সংক্রমণৰ হাৰ নিম্ন আৰু উচ্চ হৈ থাকিব ৷ দেশৰ বিভিন্ন অঞ্চলত ক’ভিড–১৯ ৰ সংক্রমণৰ স্থিতি উঠা–নমা হৈ থাকিব ৷ ভাৰত এনে ধৰণৰ এনডেমিক পর্যায়ত প্রৱেশ কৰিব , য’ত সংক্রমণৰ হাৰ নিম্ন হ’ব অথবা মৃদু পর্যায়ৰ সংক্রমণ চলি থাকিব ৷ কিন্তু এনে এক সংক্রমণৰ হাৰ বৃদ্ধি পোৱা দেখা নাযাব , যিটো কিছুমাহ পূর্বে দেখা পোৱা গৈছিল ৷ উল্লেখ্য যে , এপিডেমিক পর্যায় হৈছে , য’ত জনসংখ্যাই ভাইৰাছটোৰ সৈতে জীয়াই থাকিবলৈ শিকে ৷ ই মহামাৰীতকৈ কিছু পৃথক ৷ কিয়নো , মহামাৰীত সমগ্র জনসংখ্যাক ভাইৰাছটোৱে সংক্রমিত কৰে ৷ মুখ্য বিজ্ঞানী ড° স্বামীনাথনে পুনৰ কয়– যিবোৰ অঞ্চলত প্রথম আৰু দ্বিতীয় জোৱাৰত ক’ভিড–১৯ ত কমকৈ আক্রান্ত হৈছে অথবা টিকাকৰণ নিম্ন হৈছে,সেইবোৰ অঞ্চলত পৰৱর্তী কিছু মাহত আক্রান্তৰ হাৰ শীর্ষত উপনীত হ’ব পাৰে ৷ আনপিনে , ২০২২ ৰ শেষৰ ফালে সমগ্র দেশত ৭০ শতাংশক যদি টিকাকৰণেৰে সাঙুৰি ল’ব পৰা যায় , তেতিয়াহ’লে দেশ স্বাভাৱিক অৱস্থালৈ ঘূৰি যাব পাৰে বুলি আশা প্রকাশ কৰে মুখ্য বিজ্ঞানী ড০ স্বামীনাথনে ৷ লক্ষণীয় যে , ভাৰত বায়’টেকৰ ক’ভিড–১৯ ভেকচিন ক’ভাক্সিন অনুমোদনৰ সিদ্ধান্ত বিশ্ব স্বাস্থ্য সংস্থাই ছেপ্ঢেম্বৰৰ মাজভাগত ঘোষণা কৰিব পাৰে বুলি মুখ্য বিজ্ঞানীগৰাকীয়ে মন্তব্য দিয়ে ৷