অপৰাধ নিয়ন্ত্ৰণত কৃতিত্ব চতিয়ানা পথাৰ গাওঁৰক্ষী বাহিনীক বগীজান থানা সমিতিৰ সম্বৰ্ধনা

106

অপৰাধ নিয়ন্ত্ৰণত কৃতিত্ব চতিয়ানা পথাৰ গাওঁৰক্ষী বাহিনীক বগীজান থানা সমিতিৰ সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দও , প্ৰতিবেদক , নুমলীগড় , ৩ অক্টোবৰঃ আৰক্ষী আৰু গাঁৱৰ জনসাধাৰণৰ মাজত সম্পৰ্ক ৰক্ষা কৰি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা সংগঠন অসম গাঁওৰক্ষী বাহিনী । বহু ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীয়ে পুলিচক সহায় কৰি আহিছে । যাৰ ফলত যি কোনো অপৰাধী সহজে সাৰি যাব নোৱাৰা হৈছে । গোলাঘাট জিলাৰ মৰঙিৰ বগীজান আৰক্ষী থানাৰ অন্তৰ্গত চতীয়না পথাৰ গাওঁৰক্ষী বাহিনীয়ে অপৰাধীক আটক কৰা তথা ড্ৰাগছৰ বিৰুদ্ধে সবল পদক্ষেপ গ্ৰহণ কৰা বাবে আজি সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্য যে , কিছুদিনৰ পূৰ্বে গোলাঘাট জিলাখনতে চাঞ্চল্য সৃষ্টি কৰা মুৰফুলনি লেটেকুবস্তিত অজিত তামুলীক অতি নৃশংস ভাৱে হত্যা কৰা নিজ ভাগিন মিনেশ্বৰ বৰা আৰক্ষীৰ চকুত ধুলি দি পলাই আছিল । অপৰাধীক বিচাৰি বিফল হৈছিল আৰক্ষী । তেনে সময়তে চতীয়না পথাৰ গাঁওৰক্ষী বাহিনীয়ে অতি তৎপৰতাৰে কাৰ্বিআংলঙৰ হাবিৰ মাজত গছৰ ডাল পাতেৰে ঘৰ সাজি আত্মগোপন কৰি থকা হত্যাকাৰী মিনেশ্বৰক ধৰি আনি বগীজান আৰক্ষীক গতাই দিছিল । গাওঁৰক্ষী বাহিনীৰ এই কাৰ্যক আৰক্ষীৰ লগতে স্থানীয় ৰাইজে প্ৰশংসা কৰিছিল । তদুপৰি গাঁওৰক্ষী বাহিনীৰ কৰ্মীসকলে ড্ৰাগছ ব্যৱসায়ত জৰিত অপৰাধীক কৰায়ত্ব কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । আজি বগীজান থানাত উক্ত বাহিনীখনৰ নিষ্ঠাবান কৰ্মী সকলক থানা সমিতিয়ে সম্বৰ্ধনা জনায় ।