কলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

75

কলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ সেৱা , টংলা , কৌস্তভমনি শৰ্মা, ১৩ ছেপ্টেম্বৰঃ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত কলবাৰী গাঁওত প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক কলবাৰী মিলনজ্যোতি সংঘই বিগত ৯ বছৰ ধৰি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে । সমগ্ৰ বিশ্বত কৰোনা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ ফলশ্ৰুতিত অন্য বছৰৰ দৰে কলবাৰী মিলনজ্যোতি সংঘই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাছিল যদিও নৱম বাৰ্ষিক সম্বৰ্ধনা অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰে । কলবাৰী গাঁৱৰ নব প্ৰজন্মৰ শিক্ষাৰ্থী সকলক উৎসাহ দিবলৈ এই সম্বৰ্ধনা অনুষ্ঠান প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয় বুলি জানিব দিয়ে কলবাৰী মিলনজ্যোতি সংঘৰ সভাপতি দুলু ৰাভাই । কলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত উক্ত সম্বৰ্ধনা অনুষ্ঠানত মৌগাঁও মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ শৰণীয়া উপস্থিত থাকি মিলনজ্যোতি সংঘৰ এই মহৎ পদক্ষেপৰ শলাগ লৈ শিক্ষাৰ সম্পৰ্কত বহুতো গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । শৰণীয়াই ভাষণ প্ৰসংগত কয় যে , সংঘ সমাজ সংস্কৰণ কৰা এটা অনুষ্ঠান । কলবাৰী মিলনজ্যোতি সংঘই কলবাৰী গাঁৱৰ শৈক্ষিক দিশত বহুত খিনি গুৰুত্ব দিছে , সমাজ এখনৰ বাবে লব লগীয়া সকলোবোৰ দ্বায়িত্ব মিলনজ্যোতি সংঘই লৈছে । আনফালে , শৰণীয়াই অভিভাৱক সকলক লক্ষ্য কৰি লৰা-ছোৱালী সকলক কেনেদৰে ঘৰত প্ৰাথমিক শিক্ষা প্ৰদান কৰিব লাগে আভাস দিয়ে । ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা কিয় গ্ৰহণ কৰিব লাগে আৰু কেনেদৰে ভবিষ্যতে এজন সুনাগৰিক আৰু প্ৰতিস্থিত ব্যক্তি হিচাপে গঢ় লব পাৰি , সেই বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । উল্লেখযোগ্য যে , ২০২১ বৰ্ষত কলবাৰী গাঁৱৰ পৰা ৮ গৰাকী শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু ২০২০ বৰ্ষত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি গাঁও খনলৈ সুনাম কঢ়িয়াই অনা ১ গৰাকীকে ধৰি মুঠ ৯ গৰাকী শিক্ষাৰ্থীক কলবাৰী মিলনজ্যোতি সংঘই সম্বৰ্ধনা জনায় । আনহাতে , সংশ্লিষ্ট অনুষ্ঠানত উপস্থিত থাকে ভেৰগাঁও মহাবিদ্যালয়ৰ শিক্ষা বিষয়ৰ প্ৰবক্তা চন্দনা ৰাভা , কলবাৰী মিলনজ্যোতি সংঘৰ উপদেষ্টা গোপাল ৰাভা , মাঘোৱা ৰাভা , ঘনকান্ত ৰাভা , মিলনজ্যোতি সংঘৰ বিষয়ববীয়া সকল আৰু কলবাৰী বাসি ৰাইজ ।