কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত “বিশ্ব ভূমি দিৱস”ত ৰূপক শৰ্মা ,”বৰ্ধিত জনসংখ্যাৰ হাৰৰ বিপৰীতে ভয়াবহ ভাবে ভূমি উৰ্বৰতা হ্ৰাস পাইছে”

52

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত “বিশ্ব ভূমি দিৱস”ত ৰূপক শৰ্মা ,”বৰ্ধিত জনসংখ্যাৰ হাৰৰ বিপৰীতে ভয়াবহ ভাবে ভূমি উৰ্বৰতা হ্ৰাস পাইছে”

দুৰ্নীতিৰ দৰ্পণ সেৱা , বটদ্ৰৱা , ৬ ডিচেম্বৰঃ “বিশ্বৰ বৰ্ধিত জনসংখ্যাৰ হাৰৰ বিপৰীতে ভয়াবহ ভাবে ভূমি উৰ্বৰতা হ্ৰাস পাইছে”। এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আজি “বিশ্ব ভূমি দিৱস”উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিধায়ক শৰ্মাই লগতে “মাটিৰ সুস্বাস্থ উপৰত গুৰুত্ব আৰোপ কৰি কৃষক সকলে পৰিবেশ অনুকুল বিজ্ঞানসন্মত পদ্ধতিৰে জৈৱিক সাৰ কীটনাশক প্ৰয়োগ কৰিলে মাটিৰ গুনাগুণ ৰক্ষা হব। আৰু অসম চৰকাৰে আগবঢ়াব বিচৰা অসম গৌৰৱ বঁটাৰ বাবে কৃষক সকল আগবাঢ়ি আহিবলৈ আহ্বান জনাই। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ শিমলুগুৰিত থকা কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাগৃহত “বিশ্ব ভূমি দিৱস” উপলক্ষে অনুষ্ঠিত সভাৰ উদেশ্যে ব্যখ্যা কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই- “মাটিৰ সুস্বাস্থ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সজাগতা সৃষ্টি কৰা বাবে ৰাষ্ট সংঘই ২০১৪ চনৰ পাঁচ ডিচেম্বৰৰ দিনটোৰ পৰাই আৰম্ভ কৰা বিশ্ব ভূমি দিৱসৰ দিনটো প্ৰতিবছৰে কৃষি বিজ্ঞান কেন্দ্ৰই উদযাপন কৰি আহিছে বুলি মন্তব্য প্ৰদান কৰাৰ লগতে কৃষকক সাৰৰ সামঞ্জস্য ৰক্ষা কৰি বিশেষকৈ জৈবিক সাৰ প্ৰয়োগৰ কৰি ভূমি ৰক্ষা আৰু ভূমি পদূষন কমোৱাৰ বাবে আহ্বান জনাই। বিশব ২৫ শতাংশৰ অধিক উদ্ভিদৰ গৃহ হৈছে ভূমি আৰু ৯৫ শতাংশ আমাৰ খাদ্য ভূমিৰ পৰা পাওঁ বুলি সাৰগৰ্ভ ভাষন প্ৰদান কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পাম পৰিচালক নয়ন জ্যোতি বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মা, ভূমি বিজ্ঞানী দিপেন চন্দ্ৰ নাথ, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈয়ে ভূমিৰ সংৰক্ষণ, ভূমি ৰক্ষা, কৃষিত সাৰৰ আদি বিষয়ৰ ওপৰত আলোকপাত কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, কৃষি অৰ্থনীতি বিভাগৰ বিষয় বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, পথাৰ শষ্য বিশেষজ্ঞা ডঃ বন্তি গগৈ, নগাঁও জিলাৰ বৰকছাৰী গাঁৱৰ, জামুগুৰি, শেনচোৱা, আইভেটি, গেডাবড়ি, কহুৱাতলি, শিমলুগুৰি, ভোগবাৰী, নসত্ৰ, বটদ্ৰৱা আদি গাঁৱৰ শতাধিক প্ৰগতিশীল কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত কৃষকক মাটিৰ স্বাস্থ্য পৰীক্ষা পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰতে “জৈবিক সাৰ(কেচুসাৰ, পুনি), উন্নত জাতৰ ধান, উন্নত জাতৰ সৰিয়হ, উন্নত প্ৰজাতিৰ কুকুৰা, উদ্যান শস্য পুলি”ৰ এখনি সুুন্দৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়।