খুমটাইৰ ঠেঙালত ঠেঙাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ কেন্দ্ৰীয় সমিতি গঠন

112

খুমটাইৰ ঠেঙালত ঠেঙাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ কেন্দ্ৰীয় সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা ,জানমনি দও , নুমলীগড় , ২৬ ছেপ্তেম্বৰ :গোলাঘাট জিলাৰ ঠেঙাল গাওঁত আজি পোন প্ৰথমবাৰৰ বাবে গঠিত হ’ল অসমীয়া জাতিৰ অন্যতম অংগ ঠেঙাল কছাৰী জনগোষ্ঠীৰ ঠেঙাল কছাৰী সাহিত্য সংস্কৃতি সভা নামৰ এটি অনুষ্ঠানৰ । আজি ঠেঙাল গাঁৱৰ হস্ত তাঁত বস্ত্ৰ শিল্পৰ প্ৰেক্ষাগৃহত বিশিষ্ট সমাজকর্মী শৈলেন্দ্ৰ নাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ শইকীয়াক সভাপতি দ্বীপেন বৰাক কাৰ্যকৰী সভাপতি,ৰক্তিম শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া ঠেঙাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ কেন্দ্ৰীয় সমিতি গঠন কৰা হয় । এই সাহিত্য সংস্কৃতি সভাৰ যোগেদি অসমৰ ভূমিপুত্ৰ ঠেঙাল কছাৰী সকলৰ সাহিত্য সংস্কৃতি পুনৰ উদ্ধাৰ কৰি সংগ্ৰহ কৰাৰ লগতে সংৰক্ষণ কৰা আৰু ঠেঙাল কছাৰী সকলৰ ঐতিহ্যমণ্ডিত সম্বল সমূহ সংৰক্ষণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে নৱ নিৰ্বাচিত সভাপতি মহেন্দ্ৰ শইকীয়া । আজি এই সভাত বিশিষ্ট অতিথি হিচাপে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষা হৰপ্ৰভা ঠেঙাল,গাওঁবুঢ়া মহেন্দ্ৰ বৰা, চিকন ঠেঙাল, জীতেন্দ্ৰনাথ বৰা,সমাজকৰ্মী হেমাঙ্গ নেওগ, হেমেন্দ্ৰ ঠেঙ্গাল,ড° পদ্ম হাজৰিকা, দুলুমনি ঠেঙ্গাল, পল্লব বড়া, বিনয় শইকীয়া,পৱিত্ৰ শইকীয়া,মাইনা মাধৱ ঠেঙ্গাল,সমাজকৰ্মী বিপিন বড়া আদি উপস্থিত থাকে।