গ’বি মৰুভূমিত চীনৰ ‘সেউজ প্রাচীৰ’

144

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ৬ আগষ্টঃ বহিঃশত্রুৰ পৰা দেশক ৰক্ষা কৰিবলৈ ২১ হাজাৰ ১৯৬ কিলোমিটাৰজুৰি বিশাল প্রাচীৰ গঢ়ি তুলি অভিলেখ সৃষ্টি কৰিছিল চীনে ৷ তেনেই অন্য এক অভিলেখ সৃষ্টিৰ বাবে আগবাঢ়িছে দেশখন৷ এইবাৰো চীনে গঢ়িব প্রাচীৰ ৷ এই প্রাচীৰ হ’ব সেউজ প্রাচীৰ ৷ ১২ লাখ ৯৫ হাজাৰ বর্গকিলোমিটাৰ অঞ্চলজুৰি থকা এছিয়াৰ অন্যতম বৃহৎ মৰুভূমি গ’বি অৰণ্যত পৰিণত কৰিব বিচাৰিছে চীনে ৷ ২০০৯ ৰ হিচাপ অনুসৰি মৰুভূমিৰ যি অঞ্চল ইতিমধ্যে অৰণ্য হৈ পৰিছে , সেই হিচাপত আগবাঢ়িলে বিশ্বৰ সর্ববৃহৎ মানৱ সৃষ্ট অৰণ্যখন হ’ব চীনৰ ৷ দেশখনৰ উত্তৰ অঞ্চলৰ বিস্তীর্ণ প্রান্তজুৰি আছে গ’বি মৰুভূমি ৷ চীনৰ জলবায়ুৰ ওপৰত এই মৰুভূমিৰ বিৰূপ প্রভাৱ পৰে মার্চ আৰু এপ্রিল মাহত ৷ মৰু ধুমুহাই ধূলিময় কৰি তোলে দেশখনৰ উত্তৰ অঞ্চল ৷ আনকি , ৰাজধানী বেইজিঙত এই ধূলিৰ বাবেই স্তব্ধ হৈ পৰে স্বাভাৱিক জীৱনযাত্রা ৷ আনকি বিমান , ৰে’লসেৱা পর্যন্ত বাতিল কৰিবলগীয়া হয় ৷ গতিকে , সেউজ প্রাচীৰ সৃষ্টি কৰি চীনে মৰু ধুমুহাৰ পৰা ৰক্ষা পাব বিচাৰিছে ৷ অকল চীনেই নহয় , গ’বি মৰুভূমিয়ে জাপান , উত্তৰ কোৰিয়া , দক্ষিণ কোৰিয়া আদি দেশতো সৃষ্টি কৰি আহিছে ভয়াৱহ পৰিস্থিতি ৷ গতিকে , চীনে মৰুভূমিক অৰণ্যলৈ সলনি কৰাৰ দীর্ঘম্যাদী প্রকল্প গ্রহণ কৰিছে ৷ ১৯৭৮ চনত সেউজ প্রাচীৰ নামেৰে চীনে গ্রহণ কৰে এক প্রকল্প ৷ তেতিয়াৰে পৰা গ’বিত অৰণ্য গঢ়াৰ কাম চলি আছে ৷ ইয়াৰ জৰিয়তে অকল মৰু ধুমুহাকে যে প্রতিহত কৰা হ’ব তেনে নহয়, মৰুভূমিৰ আগ্রাসন বন্ধ কৰাৰো প্রচেষ্টা চলাব চীনে ৷ লক্ষণীয়ভাৱে ইতিমধ্যে গ’বিৰ মৰুভূমিৰ ৫ ৰ পৰা ১৫ শতাংশ অঞ্চল অৰণ্যত পৰিণত হোৱা বুলি দাবী কৰিছে বেইজিং প্রশাসনে ৷ এই অৰণ্যৰ সম্প্রসাৰণে মৰুভূমিৰ আগ্রাসনক পূর্বৰ তুলনাত যথেষ্ট বাধা দিবলৈ সক্ষম হোৱা বুলিও দেশখনে দাবী কৰিছে ৷ হেলিকপ্ঢাৰ আৰু ড্র’নেৰে প্রথম বিভিন্ন গোচৰ বীজ সিঁচি তাত ওপৰৰ পৰাই পানী দিয়াৰ ব্যৱস্থা কৰিছে চীনে ৷ এনেদৰে দেশখন সফলো হৈছে ৷