গান্ধী জয়ন্তী উপলক্ষে দৰংগামেলাত ইণ্ডো-ভূটান গুডচ কেৰিয়াৰ টেনচপোৰ্টৰ সহযোগত চাফাই অভিযান

131

গান্ধী জয়ন্তী উপলক্ষে দৰংগামেলাত ইণ্ডো-ভূটান গুডচ কেৰিয়াৰ টেনচপোৰ্টৰ সহযোগত চাফাই অভিযান

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ২ অক্টোবৰঃ আজি ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে চাফাই অভিযানৰ কাৰ্য্যসূচী হাতত লয় ইণ্ডো-ভূটান গুডচ কেৰিয়াৰ টেনচপোৰ্ট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে । উল্লেখ্য যে , পূৰ্বেও এই স্বেচ্ছাসেৱী সংগঠন টোৱে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । এই অভিযানত স্বেচ্ছাসেৱী সংগঠনটোৱে দৰংগামেলাৰ বিভিন্ন ঠাইত চাফাই অভিযান চলায় । এই প্ৰচেষ্টাৰ জৰিয়তে স্বেচ্ছাসেৱী সংগঠনটোৱে অঞ্চলবাসীলৈ এক পৰিস্কাৰ পৰিচন্নতাৰ সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে । এই চাফাই অভিযানত উপস্থিত থাকে ইণ্ডো-ভূটান গুডচ কেৰিয়াৰ টেনচপোৰ্টৰ সভাপতি অনন্ত কুমাৰ বড়ো আৰু সম্পাদক পূৰ্ণ শৰ্মা । আনহাতে , সদস্য চানু চেত্ৰী , ভূপাল গিমৰেৰ উপৰিও আন বহু সদস্যই এই অভিযানত সহযোগ কৰে ।