গোলাঘাটৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত শাস্ত্ৰীয় আৰু নৃত্য চৰ্চাৰ বিকাশ কেন্দ্ৰৰ শুভ উদ্বোধন

80

গোলাঘাটৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত শাস্ত্ৰীয় আৰু নৃত্য চৰ্চাৰ বিকাশ কেন্দ্ৰৰ শুভ উদ্বোধন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১১ অক্টোবৰ : শাস্ত্ৰীয় আৰু সংগীত তথা নৃত্য আৰু সত্ৰীয়া সংস্কৃতিৰ বিকাশ সাধন তথা চৰ্চাৰ বাবে “মণি কাঞ্চন“ কেন্দ্ৰৰ আজি গোলাঘাট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত শুভ উদ্বোধন কৰা হয় । উক্ত অনুষ্ঠানটোৰ আজি শুভ উদ্বোধন কৰে গোলাঘাট জিলাৰ বিশিষ্ট লিখক , দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দীনেশ গগৈয়ে । মনিকাঞ্চণ কলা নিকেতন কেন্দ্ৰত বৰগীত , শাস্ত্ৰীয় নৃত্য , লোক গীত , সত্ৰীয়া নৃত্য , কথক নৃত্য , সৃষ্টিশীল নিত্য , খোল বাদন , বেহেলা , তবলা আদিৰো প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সকলৰ পৰা জানিব পৰা গৈছে । বিশিষ্ট নিত্য শিল্পী মামণি দত্তৰ পৰিচালনাৰে বিশিষ্ট শিল্পী বেদান্ত বিকাস দত্তৰ তত্বাবধানটাতেই গোলাঘাটৰ সদৰত আজি মুকলি কৰা হৈছে মণি কাঞ্চন কলা নিকেতন নামৰ কেন্দ্ৰটো ৷ উক্ত সাংস্কৃতিক কেন্দ্ৰটিৰ জৰিয়তে বহু যুৱক যুৱতীয়ে তথা ভৱিষ্যতৰ নাগৰিকে সংস্কৃতিক ক্ষেত্ৰত আগুৱাই যাব পাৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ৷