জামুগুৰিহাটৰ পানপুৰৰ পুৰণি ভেটিত টিজ উৎসৱ পালন , স্বামীৰ দীৰ্ঘজীৱন কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা গোৰ্খা মহিলাৰ

122

জামুগুৰিহাটৰ পানপুৰৰ পুৰণি ভেটিত টিজ উৎসৱ পালন , স্বামীৰ দীৰ্ঘজীৱন কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা গোৰ্খা মহিলাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১০ চেপ্তেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পানপুৰৰ পুৰণি ভেটি প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে গোৰ্খা সম্প্ৰদায়ৰ মহিলা সকলে টিজ উৎসৱ পালন কৰে ৷ উল্লেখ্য যে , বাৰিষা খেতি পথাৰ সামৰাৰ অন্তত গোৰ্খা সম্প্ৰদায়ৰ বিয়া দিয়া জীয়ৰি সকলক মাতৃৰ গৃহলৈ মাতি আনি পিতৃ-মাতৃয়ে এসাজ ভালকৈ আনন্দ ফুৰ্টিৰে আপ্যায়ন কৰাটো এই উৎসৱৰ এক প্ৰধান উদ্দেশ্য ৷ গোৰ্খা সম্প্ৰদায়ৰ সকলো জীয়ৰী পিতৃ গৃহত থাকি স্বামীৰ দীৰ্ঘজীৱন কামনা কৰি সম্পূৰ্ণ এদিন ব্ৰত পালন কৰি পিচদিনা গাওঁৰ সকলো মহিলা একত্ৰিত হৈ টিজ পূজা তথা উৎসৱ পালন কৰে ৷ এই টিজ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তত মহিলা সকলে বিভিন্ন ধৰণে সাংস্কৃতিক কাৰ্য্যসুচীও ৰূপায়ন কৰে ৷ বৃহস্পতিবাৰে পানপুৰ পুৰণিভেটিৰ গঞাঁ মহিলা সকলেও এইদৰে এদিন সম্পূৰ্ণ ব্ৰতত থাকি বৃহস্পতিবাৰে টিজ উৎসৱ পালন কৰা দেখা গৈছে ৷ গোৰ্খা সম্প্ৰদায়ৰ মহিলা সকলে পালন কৰা এই টিজ পূজা তথা উৎসৱৰ লগত বহু ঐতিহাসিক কাহিনী জৰিত থকাৰ বিষয়ে জানিব পৰা গৈছে ৷