জ্ঞানৰ অন্বেষণৰ পথত অৰিহণা যোগোৱাৰ বাবেই গ্রন্থ প্রকাশ কৰা হয় : ড° বিৰিঞ্চি কুমাৰ দাস , বি এইচ বি মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচন

70

জ্ঞানৰ অন্বেষণৰ পথত অৰিহণা যোগোৱাৰ বাবেই গ্রন্থ প্রকাশ কৰা হয় : ড° বিৰিঞ্চি কুমাৰ দাস , বি এইচ বি মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ , ২২ ছেপ্টেম্বৰঃ সৰুপেটাৰ বি, এইচ, বি মহাবিদ্যালয়ৰ আই কিউ এ চিৰ প্রকাশন কোষৰ উদ্যোগত প্রবোধ কলিতা আৰু হিমেন্দ্র কলিতাই সম্পাদনা কৰা “শ্বিনাৰ্জী” (synergy )শীৰ্ষক এখন গ্ৰন্থ আজি মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠাত অনুষ্ঠিত এক সভাত উন্মোচিত হয় । উন্মোচনী সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ আই কিউ এচিৰ সমন্বয়ক তথা সহযোগী অধ্যাপক দুৰ্গেশ্বৰ বৰ্মনে । সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰে বিএইচবি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ৰীণা ৰাণী ডেকাই । সহকাৰী অধ্যাপকদ্বয় , ড° পূৰবী তালুকদাৰ আৰু ড° নমিতা দাসে আঁত ধৰা এই সভাত গ্ৰন্থখন উন্মোচন কৰে বিএইচবি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড° বিৰিঞ্চি কুমাৰ দাসে । গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত তেওঁ কয় যে , ক’ভিডৰ সংহাৰৰ মাজতো সমগ্র বিশ্বতে সৃষ্টিশীল কাম চলি আছে আৰু অনাগত দিনবোৰতো চলাই নিব লাগিব । জ্ঞানৰ অন্বেষণৰ পথত অৰিহণা যোগোৱাৰ বাবেই গ্রন্থ প্রকাশ কৰা হয় আৰু এই গ্রন্থৰ পৰা নতুন কিবা শিকিবৰ বাবেই পঢ়ূৱৈসকলে অধ্যয়ন কৰে । তেওঁ লগতে নিজৰ ভাষণত তথ্য বিস্ফোৰণৰ যুগত জ্ঞান আৰু জ্ঞানৰ পৰা উত্তৰণ হৈ প্রজ্ঞাৰ বাটত বাট বুলাৰ বাবে উপস্থিতসকলক আহ্বান জনায় যদিও এই বাট যে উজু নহয় , সেয়াও উল্লেখ কৰে লগতে তেওঁ অনাগত দিনত প্রযুক্তিয়ে মানৱ সভ্যতাক ক’ৰবালৈ লৈ যাব যদিও গ্রন্থৰ সমাদৰ থাকিব বুলি কয় । সভাত প্রকাশন কোষৰ সমন্বয়ক তথা সহকাৰী অধ্যাপক মৃনাল দত্ত , প্রকাশিত গ্রন্থখনৰ অন্যতম সম্পাদক প্রবোধ কলিতা , জ্ঞানপীঠ ডিগ্রী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ ৰবীন শৰ্মাই ভাষণ দিয়াৰ লগতে বি এইচ বি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক বুৰজ্ঞী বিভাগৰ মুৰব্বী মফজ্জল হুছেইন,শিক্ষা বিভাগৰ মুৰব্বী উপেন্দ্ৰ নাথ বৰ্মনে মঞ্চত উপস্থিত থাকে । উল্লেখযোগ্য যে , বিভিন্ন লেখকৰ গৱেষণা পত্র আৰু প্রবন্ধৰ সংকলন গ্রন্থখনৰ উন্মোচনী সভাখনত একাধিক মহাবিদ্যালয়ৰ শিক্ষক উপস্থিত থাকে ।