ডবকাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকক সম্বৰ্ধনা

100

ডবকাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ,হবিবুৰ ৰহমান , ১০ ছেপ্তেম্বৰঃ হোজাই জিলাৰ ডবকাৰ চহৰৰ মাজ মজিয়াত থকা স্বেচ্ছাসেৱী সংস্থা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেশ্বনৰ স্থায়ী কাৰ্যালয়ত শুক্ৰবাৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা আহি উপস্থিত হয় । তেওঁ ডবকাস্থিত ফাতিমা ৱেলফেৱাৰ ফাউণ্ডেশ্বনৰ কাৰ্যালয়ত উপস্থিত হৈ ফাউণ্ডেশ্বনৰ কৰ্মকৰ্তা সকলৰ লগত মত বিনিময় কৰাৰ লগতে ফাউণ্ডেশ্বনৰ কাম কাজৰ বুজ লয় । তেওঁ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতেই ফাউণ্ডেশ্বনৰ পৰা তেওঁক এটা জাপি আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ফাউণ্ডেশ্বনৰ সভাপতি আব্দুল জলিলে । প্ৰধান সম্পাদকৰ লগতে অহা স্বপ্না কলিতা আৰু ৰাজেন ৰোহিদাসকো এখন ফুলাম গামোছাৰে আদৰণি জনোৱা হয় । ডবকা শাখা সাহিত্য সভাৰ সম্পাদক তাজ উদ্দিন বৰভূঞা,ডবকা শাখা সাহিত্য সভাৰ কোষাধ্যক্ষ আব্দুল ছুবুৰ(হীৰা) বৰভূঞা ,যুটীয়া সম্পাদক আব্দুল খালেক লস্কৰ,যুৱ সংসদৰ আহব্বায়ক ময়ূৰ উদ্দিন ও উপস্থিত থাকে । উক্ত সভাতে ডবকা সাহিত্য সভাৰ দানকৃত ভূমি সম্পৰ্কেও আলোচনা কৰা হয় । ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেশ্বনৰ কাম কাজক ভূয়সী প্ৰশংসা কৰি ফাউণ্ডেশ্বনৰ উজ্জ্বল ভবিষ্যত কামনা কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা ।