ডিগবৈ আৰ ডি কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ,দৰিদ্ৰ সীমাৰেখা তলত বাস কৰা পচিশ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাগ্ৰহণৰ বাবে জলপানি প্ৰদান

171

ডিগবৈ আৰ ডি কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ,দৰিদ্ৰ সীমাৰেখা তলত বাস কৰা পচিশ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাগ্ৰহণৰ বাবে জলপানি প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিগবৈ , ২২ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈৰ এখন অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান আৰ ডি কনিষ্ঠ মহাবিদ্যালয় । আৰ ডি কনিষ্ঠ মহাবিদ্যালয়ৰ দ্বাৰা কেৱল মাত্ৰ শিক্ষাৰ ক্ষেত্ৰখনতে নহয় শৈক্ষিক , সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰখনত বিভিন্ন প্ৰকাৰেৰে অৱদান আগৱঢ়াই বিভিন্ন সময়ত নাম উজ্বলাবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে , আৰ ডি কনিষ্ঠ মহাবিদ্যালয়খনিয়ে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিকৰ দুটা বৰ্ষ সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাগ্ৰহণ কৰিবলৈ এক জলপানি প্ৰদান কৰি আহিছে ৷ বিগত বছৰসমুহৰ দৰে এই বছৰো শিক্ষানুষ্ঠানখনে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মেধা গুণ সম্পন্ন পচিশ গৰাকী ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিকৰ সম্পূৰ্ণ দুটাবৰ্ষৰ বাবে শিক্ষাগ্ৰহণ কৰাৰ লগতে মহাবিদ্যালয়খনতে ছাত্ৰ-ছাত্ৰী কেইগৰাকীক থকা খোৱাৰ এক সুবিধা প্ৰদান কৰিছে ৷ আজি মহাবিদ্যালয়খনিত অনুষ্ঠানিক ভাৱে জলপানি প্ৰাপ্ত মেধাৱী ছাত্ৰ-ছাত্ৰী কেইগৰাকীক নামভৰ্তিৰ বাবে আৰ ডি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালিকা চিমি ধানোৱাৰে জলপানি পত্ৰ প্ৰদান কৰে । আৰ ডি কনিষ্ঠ মহাবিদ্যালয়খনিৰ এনে সমাজ হিতৈষী পদক্ষেপত এচাম মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হোৱাৰ লগতে আৰ ডি কনিষ্ঠ মহাবিদ্যালয়ৰ তৰফৰ পৰা দুখীয়া দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত লোৱা পদক্ষেপক আদৰণি জনাই ভূয়সী প্ৰশংসা কৰিছে ৷