নগাঁও ভাৰতীয় ষ্টেট বেংকৰ ঋণ শিবিৰ

92

নগাঁও ভাৰতীয় ষ্টেট বেংকৰ ঋণ শিবিৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও , ৫ অক্টোবৰ : ভাৰতীয় ষ্টেট বেংক চমুকৈ এচ বি আইৰ নগাঁও শাখাই আজি শাখা কাৰ্যালয়টোৰ সন্মুখত এখনি ঋণ শিবিৰ আয়োজন কৰে । সহকাৰী শাখা প্ৰবন্ধক ৰাকেশ কুমাৰ ৰবিয়ে আঁত ধৰা সভাখনত গুৱাহাটী মণ্ডলৰ মহা প্ৰবন্ধক সুৰঞ্জনা দত্ত আৰু উপ মহা প্ৰবন্ধক মদন এল এছ , প্ৰাক্তন বেংক বিষয়া তথা সাহিত্যিক শিবানন্দ কাকতিকে ধৰি বেংকৰ বহু কেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে । মহা প্ৰবন্ধক সুৰঞ্জনা দত্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এছ বি আইয়ে গ্ৰাহক ৰাইজক দিব লগা গৃহ ঋণ , গাড়ী ঋণ , শিক্ষা ঋণ , বানিজ্য ঋণকে ধৰি চৰকাৰী ৰাজ সাহাৰ্য যুক্ত ঋণৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে । তেওঁ সকলো গ্ৰাহকক বেংকৰ পৰা ঋণ গ্ৰহণ কৰি উপকৃত হ’বলৈ আহ্বান জনায় । শতাধিক বেংক গ্ৰাহক উপস্থিত থকা শিবিৰখনত ১৪ গৰাকী গ্ৰাহকৰ মাজত বিভিন্ন ঋণ প্ৰদানৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় । ইয়াৰ পুৰ্বে অনুষ্ঠিত এছ বি আইৰ হয়বৰগাঁও শাখাতো অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত হয় । এই কাৰ্যসূচীত ৰঞ্জিত কুমাৰ দত্ত আৰু হয়বৰগাও শাখাৰ প্ৰবন্ধক ৰূপক দাসে অংশ গ্ৰহণ কৰে ।