নিমিষা শইকীয়াৰ ‘ৰ’দে পোৰা পখিলাৰ পাখি’ উন্মোচন

72

নিমিষা শইকীয়াৰ ‘ৰ’দে পোৰা পখিলাৰ পাখি’ উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় , ২৮ ছেপ্টেম্বৰঃ অসমৰ এগৰাকী প্ৰতিষ্ঠিত কবি,আবৃত্তিকাৰ,অভিনেত্ৰী নিমিষা শইকীয়াৰ ‘ৰ’দে পোৰা পখিলাৰ পাখি’ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় ৷ ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্যমন্দিৰত কাব্য সংকলনৰ উন্মোচন উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত বিশিষ্ট কবি, সাহিত্যিক ড. কৰবী ডেকা হাজৰিকা, সাহিত্যিক পেঞ্চনাৰ পুণ্য শইকীয়া , আবৃত্তি ৰত্ন জুলিয়ানা বেগম , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড. গোপাল হাজৰিকা , ড. লক্ষীৰাম শইকীয়াকে প্ৰমুখ্য কৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত আৰ্হি চেতিয়াই সত্ৰীয়া নৃত্য আৰু প্ৰিয়াক্ষী বৰুৱাই আধুনিক নৃত্য পৰিৱেশন কৰাৰ পাছতে পুণ্য শইকীয়াই নিমিষা শইকীয়াৰ ‘ৰ’দে পোৰা পখিলাৰ পাখি’ উন্মোচন কৰে ৷ উন্মোচকৰ ভাষণত পুণ্য শইকীয়াই কবিগৰাকীৰ কাব্য চৰ্চা আৰু কবিতা ৰচনা কৰা শৈলীৰ ওপৰত প্ৰশংসাসূচক বক্তব্য প্ৰদান কৰে ৷ ড. কৰবী ডেকা হাজৰিকাই কবিগৰাকীৰ কবিতাৰ ওপৰত ৰচনাত্মক বক্তব্য প্ৰদান কৰে ৷ ড. ৰঞ্জিত কুমাৰ দত্ত, অপৰাজিতা শৰ্মাই কবিতা আবৃত্তি কৰা অনুষ্ঠানটোত জুলিয়ানা বেগমে নিমিষা শইকীয়াই ৰচনা কৰা কাব্য সংকলনটোৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰে ৷ বৰ্ণালী বৰুৱা আৰু বিজু শৰ্মাই আঁত ধৰা কাব্য সংকলন উন্মোচন অনুষ্ঠানটোত ৰুদ্ৰ গগৈয়ে কবিগৰাকীৰ বিষয়ে নিজৰ ভাষণত উল্লেখ কৰাৰ লগতে কবি নিমিষা শইকীয়াই কাব্য গ্ৰন্থখন ৰচনাৰ অন্তৰালৰ কথাখিনি প্ৰকাশ কৰে ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাব্যৰসিক সকলে ‘ৰ’দে পোৰা পখিলাৰ পাখি’ কাব্য সংকলনখন আদৰি লোৱাৰ লগতে কবিগৰাকীক প্ৰশংসা কৰে ৷