বাঘবৰৰ আলোপতিত চৰ-চাপৰি কৃষক সমাৰোহৰ সফল সামৰনি, ড০ ফাইজুদ্দিন আহমেদক অসম চৰজ্যোতি বঁটা

69

বাঘবৰৰ আলোপতিত চৰ-চাপৰি কৃষক সমাৰোহৰ সফল সামৰনি, ড০ ফাইজুদ্দিন আহমেদক অসম চৰজ্যোতি বঁটা

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা , ৬ ডিচেম্বৰঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিত ছচিঅ’ ইকন’মিক এণ্ড ৰুৰেল ডেভলপমেন্ট এচোছিয়েশ্ব’নৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত ৩ , ৪ আৰু ৫ ডিচেম্বৰ তাৰিখে তিনি দিনীয়া কাৰ্যসূচীৰে পশ্চিম আলোপতি আঞ্চলিক বজাৰ ফকিৰপাৰা প্ৰাঙ্গনত চৰ-চাপৰি কৃষক সমাৰোহৰ ৰবিবাৰে সফল সামৰনি পৰে । কাৰ্যসূচী অনুসৰি , প্ৰথম দিনা পুৱা ছেৰডাৰ সভাপতি আদম আলীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । দ্বিতীয় দিনা এক বজাৰ পৰা চৰাঞ্চলত পথাৰ শস্যৰ বৈজ্ঞানিক উৎপাদন আৰু চৰাঞ্চলৰ মাটিৰ উৰ্বৰতা গুণৰ ব্যবস্থাপনাৰ ওপৰত চৰ-চাপৰি কৃষক সকলক প্ৰশিক্ষণ দিয়া হয় । চৰ-চাপৰি কৃষক সকলক উন্নত মানৰ শষ্য উৎপাদন প্ৰণালী , মাটিৰ উৰ্বৰতা শক্তিৰ প্ৰণালী আদি বিভিন্ন বিষয়ে পৰামৰ্শ প্ৰধান কৰে প্ৰশিক্ষক সকলে । অনুষ্ঠানটোত উপস্থিত থাকে আলোপতি চৰ-চাপৰিৰ কৃষক সকল । শেষৰ দিনা অৰ্থাৎ ৰবিবাৰে দুপৰীয়া বৃহত্তৰ চৰ-চাপৰি অঞ্চলত জৈৱিক কৃষি উৎপাদন শীর্ষক আলোচনা চক্র অনুষ্ঠিত হয় । লুইতপৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদে সঞ্চালনা কৰা আলোচনা চক্রত আলোচক হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে নগৰবেৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অধ্যাপক আমজাদ হুছেইন , লুইতপৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক ছামছুল আলম ছৰৱাৰ্দী আৰু আব্দুল ওৱাহাব চৌধুৰী । আবেলি তিনি বজাত ছেৰডাৰ সভাপতি আদম আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে পদার্থ বিজ্ঞানী ড০ ফাইজুদ্দিন আহমেদ , শ্ৰীযুত জিতেন্দ্র কুমাৰ গোস্বামী জ্যেষ্ঠ সাংবাদিক দৈনিক অসম , আফ্রিদা হুছাইন মূখ্য সম্পাদক ইনছাইড এন ই, অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদকে আদি কৰি ভালে সংখ্যক গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে । উক্ত মুকলি সভাত বিশ্বৰ শীর্ষ পদার্থ বিজ্ঞানী ড০ ফাইজুদ্দিন আহমেদক ‘অসম চৰজ্যোতি বঁটা ২০২১ প্ৰদান কৰা হয় । উক্ত সভাত ‘ফচল’ নামৰ এখন স্মৃতিগ্ৰহন্হ উন্মোচন কৰা হয় । ফচল নামৰ আলোচনী খন উন্মোচন কৰে বিশিষ্ট সাংবাদিক জিতেন্দ্র কুমাৰ গোস্বামী ।