বালিপৰাত জে বি কিটচেন ৰেষ্টুৰেন্টৰ শুভ উদ্বোধন জনপ্ৰিয় ইউ টিউবাৰ ডিম্পু বৰুৱাৰ , যুৱ প্ৰজন্মৰ মাজত ভিৰ এখন সুন্দৰ চেলফি লবলৈ

72

বালিপৰাত জে বি কিটচেন ৰেষ্টুৰেন্টৰ শুভ উদ্বোধন জনপ্ৰিয় ইউ টিউবাৰ ডিম্পু বৰুৱাৰ , যুৱ প্ৰজন্মৰ মাজত ভিৰ এখন সুন্দৰ চেলফি লবলৈ

দুৰ্নীতিৰ দৰ্পণ সেৱা,জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৭ অক্টোবৰ: শোণিতপুৰৰ বালিপৰাত বুধবাৰে সন্ধ্যা উপস্থিত হয়হি অসমৰ জনপ্ৰিয় তথা যুৱ প্ৰজন্মৰ মুখে মুখে চৰ্চিত এজন বিশেষ ইউ টিউবাৰ হিচাপে পৰিচিত ডিম্পু বৰুৱা । ডিম্পু বালিপৰাত উপস্থিত হোৱাৰ লগে লগেই যুৱ প্ৰজন্ম সকলৰ মাজত এক আনন্দ উল্লাহৰ পৰিবেশৰ সৃষ্টি হয় । কোনোৱে আকৌ নিজৰ মোবাইল ফোনতে ডিম্পুৰ লগত এখন সুন্দৰ ছেলফি লবলৈ হেতা ওপৰা লগাও দেখা যায় । ডিম্পুৱে ৰঙাপৰা সমষ্টিৰ এখন অন্যতম ব্যৱসায়িক কেন্দ্ৰ বালিপৰালৈ আহি বালিপৰাস্থিত দুৰ্গা মন্দিৰৰ সন্মুখত জে বি কিটচেন নামৰ এখন অত্যাধুনিক ৰেষ্টুৰেন্টৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকি ডিম্পুৱে অসমবাসীৰ লগতে শোণিতপুৰবাসী ৰাইজলৈ আগুন্তুক শাৰদীয় দুৰ্গা পুজাৰ শুভেচ্ছা যাচিলে । লগতে কয় যে , আগুন্তুক দুৰ্গা পুজাক লৈ কভিডৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে নিৰ্দ্ধাৰিত কৰা যি নিয়ম , সেই নিয়ম যেন প্ৰত্যেকখন পুজাৰ মণ্ডপত সকলোৱে মানি চলি দুৰ্গা মাক দৰ্শন কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালে ।