বি এইচ বি মহাবিদ্যালয়ত গৱেষণামূলক গ্ৰন্থ উন্মোচন

66

বি এইচ বি মহাবিদ্যালয়ত গৱেষণামূলক গ্ৰন্থ উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস, ভৱানীপুৰ, ৭ অক্টোবৰ : যিসময়ত জনবিষ্ফোৰণ সমগ্র বিশ্বৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে লগতে আমাৰ ৰাজ্যৰ জন-বিন্যাসৰ পৰিবৰ্তনে আৰ্থ-সামাজিক পৰিৱেশৰ ওপৰত জটিলতাৰ সৃষ্টি কৰিছে। এইসমগ্র বিষয়বস্তুকে সামৰি সৰুপেটাৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বিএইচবি মহাবিদ্যালয় প্রাংগণত কালি মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ উদ্যোগত এখন গৱেষণামূলক পত্র আৰু প্রবন্ধৰ সংকলন “পপুলেশ্বন চ’চিঅ’ ইক’নমিক ইছ্যু এণ্ড চেলেনজেচ” (Population socio-economic issues and challenges) উন্মোচন কৰা হয় । এই উপলক্ষে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক ড০ বিৰিঞ্চি কুমাৰ দাসৰ সঞ্চালনাত আয়োজিত উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গৌতম চন্দ্ৰ দাসে। উন্মোচক ড০ দাসে গৱেষণামূলক কাম কাজ সকলো মহাবিদ্যালয়কে নিৰৱচ্ছিন্নভাৱে চলাই নিবলৈ আহ্বান জনায় । সঞ্চালক ড০ বিৰিঞ্চি কুমাৰ দাসে গৱেষণামূলক কাম কৰা মানে অকল পি এইচ ডি কৰা নুবুজায় । মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এতিয়া গৱেষণামূলক কামৰ লগত পৰিচিত হৈছে। মহাবিদ্যালয়ত গৱেষণামূলক চিন্তাৰ পৰিৱেশো সৃষ্টি হব লাগে বুলি মন্তব্য প্রদান কৰে। সভাখনত গ্রন্থখনৰ সম্পাদক প্রবোধ কলিতাই ভাষণ প্রদান কৰাৰ লগতে মহাবিদ্যালয়ৰ প্রশাসনিক সমিতিৰ সভাপতি হেমচন্দ্ৰ হালৈ, প্রাক্তন উপাধ্যক্ষ ৰীণা ৰাণী ডেকা, সহযোগী অধ্যাপক ড০ দুৰ্গেশ্বৰ বৰ্মন ,ফণীধৰ মেছেও বক্তব্য প্রদান কৰে। উল্লেখযোগ্য যে গ্রন্থখনত যথেষ্ট গুৰুত্বপূৰ্ণ একচল্লিশটা গৱেষণামূলক প্রবন্ধ সংকলিত কৰা হৈছে।