বৰপেটাৰ আদৰ্শ বিদ্যালয়ৰ কাম-কাজৰ উপায়ুক্তৰ পৰ্যালোচনা , সমবেশৰ বাবে নিবিদা প্ৰক্ৰিয়া স্বচ্চ আৰু বিধিসন্মত কৰাৰ নিৰ্দেশ

59

বৰপেটাৰ আদৰ্শ বিদ্যালয়ৰ কাম-কাজৰ উপায়ুক্তৰ পৰ্যালোচনা , সমবেশৰ বাবে নিবিদা প্ৰক্ৰিয়া স্বচ্চ আৰু বিধিসন্মত কৰাৰ নিৰ্দেশ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ২৫ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ আদৰ্শ বিদ্যালয় সমূহৰ কাম-কাজৰ পৰ্যালোচনাৰ বাবে উপায়ুক্ত তেজ প্ৰসাদ ভুচালৰ সভাপতিত্বত কালি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । বৰপেটা জিলাত স্হাপিত পাঁচ খন আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ সকলক লগত লৈ বৰপেটা আদৰ্শ বিদ্যালয়ত অনুস্হিত হোৱা সভাখনত সকলো বিষয়ৰ ওপৰত পুংখানুপুংখ আলোচনা কৰা হয় ৷ বিশেষকৈ শিক্ষকৰ নাটনি , পৰ্যাপ্ত শ্ৰেণী কোঠাৰ অভাৱ আদি সমস্যা সমূ্হৰ উপৰিও চলিত নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সম্পৰ্কেও আলোচনা কৰি সমাধানৰ পথ উদ্ভাৱন কৰা হয় । এনে পৰ্যালোচনা সভা অন্তত: প্ৰতি তিনি মাহৰ মূৰে মূৰে সলনা সলনিকৈ প্ৰতিখন বিদ্যালয়তে অনুষ্ঠিত কৰাৰ বাবে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে পৰামৰ্শ দিয়ে । তেওঁ আদৰ্শ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক মন-হৃদয় আৰু বৃত্তি এক কৰি শিক্ষা প্ৰদানৰ সেৱাত ব্ৰতি হ’বলৈ আহ্বান জনায় ৷ সভাত অতিৰিক্ত উপায়ুক্ত (শিক্ষা) তথা জিলা মিছন সমন্বয়ক লখিমী দত্ত , সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাস আৰু কনিষ্ঠ অভিযন্তা ৱাচিম আক্ৰমো উপস্হিত থাকে ৷ ইফালে , সমগ্ৰ শিক্ষাৰ উদ্যোগত জিলা পৰ্যায়ৰ ইউনিফ্ৰ’ম নিৰীক্ষন কমিটিৰ আন এখন সভা কালি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুস্হিত হয় ৷ সভাত উপায়ুক্ত গৰাকীয়ে সমবেশ বাছনি আৰু ক্ৰয় প্ৰক্ৰিয়া সকলো পৰ্যায়তে সম্পূৰ্ণ নিয়াৰিকৈ আৰু বিধি অনুযায়ী সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ তাৰ বাবে সকলো বিদ্যালয় প্ৰধানকে নিবিদা প্ৰক্ৰিয়াৰ সন্দৰ্ভত প্ৰশিক্ষন দিবলৈ খন্ড মিছন সমন্বয়ক সকলক তেওঁ নিৰ্দেশ দিয়ে ৷ এই সন্দৰ্ভত কোনো পক্ষ‌ই যাতে নিয়ম উলংঘা কৰি বিশৃংখলতাৰ সৃষ্টি নকৰে , তাৰ বাবেও উপায়ুক্ত গৰাকীয়ে সকীয়াই দিয়ে ।