মাণিকপুৰত চিকিৎসা কৰ্মীক আছুৰ সম্বৰ্ধনা

168

মাণিকপুৰত চিকিৎসা কৰ্মীক আছুৰ সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ, মাণিকপুৰ, ১০ ছেপ্তেম্বৰঃ দুবছৰ ধৰি সমগ্ৰ দেশতে কোভিড মহামাৰীয়ে জনসাধাৰণক ত্ৰাসিত কৰা লগতে সমাজ জীৱনৰ এক ভয়াবহ আৰু অস্বাভাৱিক পৰিস্থিতিৰ মাজতে জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি কোভিড মহামাৰীৰ বিৰুদ্ধে আৰু কোভিড আক্ৰান্ত লোকৰ চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য কৰ্মী সকলে আগবঢাই অহা প্ৰত্যক্ষ/পৰোক্ষ সেৱাৰ বাবে আজি বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সকলো কোভিড যোদ্ধাক মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত কোভিড যোদ্ধা সকলোক ফুলাম গামোছা, কলম আৰু মানপত্ৰৰে সন্মানিত কৰে। এই সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে আঞ্চলিক সমিতিৰ সভাপতি আফতাবুল হুছেইনে। সভাৰ উদ্দেশ্য ব্যাখ্যা সম্পাদক ব্ৰজেন ৰায়ে। অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিৰণ্য কুমাৰ ৰায়, কাৰ্য নিৰ্বাসক সদস্য নিৰোৎপল চক্ৰবৰ্তী, বঙাইগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক জ্যোতিশংকৰ চৌধুৰী আৰু বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছফিয়ৰ আলী। মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এই কাৰ্য্যক স্থানীয় সচেতন মহলৰ লগতে মাণিকপুৰ মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সকলোৱে ভূয়সী প্ৰশংসা কৰে।