মুক্তি দিয়া হ’ল চুটি ছবি “অসীমত হেৰাল সীমা”

116

মুক্তি দিয়া হ’ল চুটি ছবি “অসীমত হেৰাল সীমা”

কুলদ্বীপ বৰ্মন

আই.পি প্ৰডাকচনৰ বেনাৰত যুব প্ৰযোজক ইদুল আলীৰ ব্যয়বহুল প্ৰযোজনাৰে নিৰ্মিত ছুটি ছবি “অসীমত হেৰাল সীমা” কালি
ৰাজগড়স্থিত মা ষ্টুডিঅ’ত মুক্তি দিয়া হয় । শুভ উন্মোচন কৰে চিত্ৰনাট্যকাৰ পল্লৱ পৱন বৰাই । অনুষ্ঠানটোত উপস্থিত থাকে পৰিচালক পাপলু পাপুল , জেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ চৌধুৰী , সংবাদ কৰ্মী ভূপেশ খাটনিয়াৰ , সাংস্কৃতিক কৰ্মী কুলদ্বীপ বৰ্মন , কুলেন্দ্ৰ ডেকা , অজয় ফুকন , মনোজ কুমাৰ , অভিনেতা বৈকুণ্ঠ প্ৰিন্স পাঠক , অভিনেত্ৰী দীপ্তি প্ৰিয়ম , প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি । গগনাস্তম গগৈ আঁত ধৰা অনুষ্ঠানটোৰ সুন্দৰকৈ পৰিসমাপ্তি ঘটে । ভ্ৰাম্যমাণ থিয়েটাৰ আৰু বোলছবি জগতৰ জনপ্ৰিয় ক’লা নিৰ্দেশক পাপলু পাপুলৰ বহুদিনীয়া পৰিকল্পনাৰ অন্ত পেলায় আজি পাপলু পাপুলৰ কাহিনী , চিত্ৰনাট্য সংলাপ আৰু পৰিচালনাৰে চুটি ছবি “অসীমত হেৰাল সীমা” মুকলি কৰা হয়। চুটি ছবি খন সু-মধুৰ সংগীতেৰে সজাইছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে । জুবিন গাৰ্গে কণ্ঠদান কৰা গীতটোৱে নৱ প্ৰজন্মৰ মাজত বিপুল সমাদৰ লাভ কৰিব বুলি পৰিচালক দৃঢ় বিশ্বাসী । গীতটোৰ কথা পাপলু পাপুলৰ । আৱহ সংগীত সজাইছে মুম্বাইস্থিত পিকুৱে । ছবিখনত অভিনয় কৰিছে ভোলা খ্যাত পৰাগ শৰ্মা , ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী দিপ্তী প্ৰিয়ম , গুৰু ভাগিন খ্যাত বৈকুণ্ঠ প্ৰিন্স আৰু কেইবাজনো শিল্পী ছুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে সুৰজ ডেকাই । গুৱাহাটী , হাজো , নলবাৰীকে ধৰি বহুকেইটা মনোমোহা লোকেচনত ছবিখনৰ দৃশ্যগ্ৰহণ কাম সম্পন্ন কৰা হৈছে । ছবিখন সম্পাদনা কৰিছে ৰিতু হাতীমুৰীয়াই । “অসীমত হেৰাল সীমা” এখন উন্নত মানৰ চুটি ছবি । ছবিখনত এগৰাকী নাৰীৰ জীৱনৰ কাহিনীক কেন্দ্ৰ কৰি আগবাঢ়িছে । পোন প্ৰথমবাৰৰ বাবে চুটি ছবি জগতত নতুনত্ব অনাৰ প্ৰচেষ্টাত নিৰ্মিত “অসীমত হেৰাল সীমা” ছবিখন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈও যাৱ বুলি পৰিচালক পাপুলৱে জানিবলৈ দিয়ে । ছবিখনক লৈ যথেষ্ট আশাবাদী চিত্ৰনাট্যকাৰ তথা পৰিচালক পাপলু আৰু প্ৰযোজক ইদুল আলী । ছবিখনৰ শুভ মুক্তি অনুষ্ঠানত উপস্থিত থকা অতিথি কেইজনেও ছৱিখনৰ প্ৰশংসা কৰে ।